ETV Bharat / city

বন বিভাগৰ কাৰ্যালয়ৰ ভেটিত শেলুৱৈ গজাৰ উপক্ৰম - বন বিভাগৰ কৰ্মচাৰী

এটা বিশেষ বন বিভাগৰ কাৰ্যালয় ৷ কেৱল এটা লেম্প আৰু দুখন চাইকেল সাৰথি বনকৰ্মী তথা বন বিষয়াৰ ৷ এই বন বিষয়াৰ কাৰ্যালয়ৰ দুৰৱস্থাই প্ৰমাণ কৰিছে চৰকাৰৰ বিকশিত অসমৰ ফোঁপোলা ছবি ৷

Very poor condition of Sapekhati forest office
পৰিত্যক্ত সাপেখাতী খণ্ড বন বিষয়াৰ কাৰ্যালয়
author img

By

Published : Aug 15, 2021, 11:23 AM IST

মৰাণ, 15 আগষ্ট : দেশ তথা ৰাজ্যৰ চৌদিশে কেৱল উন্নয়নৰ জয়গান ৷ ৰাজ্যৰ প্ৰতিটো ক্ষেত্ৰত উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই থকাৰ সময়চোৱাতে পোহৰলৈ আহিছে উন্নয়নৰ এক ফোঁপোলা ছবি ৷ চৰকাৰে কোৱা উন্নয়ন যে কেৱল মিথ্যাচাৰহে - এই অভিযোগ তৰিছে সাপেখাতীবাসী ৰাইজে ৷

কিয়নো পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে সাপেখাতী খণ্ড বন বিষয়াৰ কাৰ্যালয়টো ৷ এক কথাত ক’ব পাৰি যে, ৰাজ্যৰ এটা অন্যতম বিভাগ হৈছে বন বিভাগৰ কাৰ্যালয় ৷ কিন্তু এই বন বিভাগতে লাগিছে এইবাৰ কেনা ৷ কিয়নো চৰাইদেউ সাপেখাতীৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ দুৰৱস্থাই এতিয়া চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷

বন বিভাগৰ কাৰ্যালয়ৰ ভেটিত শেলুৱৈ গজাৰ উপক্ৰম

উল্লেখ্য যে, বন বিভাগৰ অধীনৰ ৭৩৬ হেক্টৰ মাটিকালিৰে আৱৰা এটা বৃহৎ অঞ্চল আৱৰি আছে চৰাইদেউ সাপেখাতীৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ে । এই বন কাৰ্যালয়ৰ দুৰৱস্থা তথা জৰাজীৰ্ণ ৰূপ দেখিলে হয়তো প্ৰতিগৰাকী সচেতন ৰাইজৰ চকু কপালত উঠিব । কাৰণ মাত্ৰ তিনিজন কৰ্মচাৰী নিয়োজিত হৈ থকা কাৰ্যালয়টোত ৷

এই বিশেষ কাৰ্যালয়টোত নাই বিদ্যুতৰ সংযোগ, নাই এখনো বাহন নাইবা নাই কোনো অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ । এটা লেম্পে সাৰথি তেওঁলোকৰ ৷ হাবিৰ মাজত এটা হাত লেম্প লৈ কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে অতিবাহিত কৰিবলগীয়া হয় সময় । ইমানতেই শেষ হোৱা নাই এই বিশেষ কাৰ্যালয়টোৰ গাঁথা ৷ এই বিশেষ কাৰ্যালয়টোত নাই এখনো বিভাগীয় বাহন ৷ কাৰ্যালয়টোৰ পৰা ক'ৰবালৈ যাবলৈ হ'লে বিভাগীয় বাহনৰ ব্যৱস্থা নথকাত নিজৰ চাইকেল লৈয়ে যাবলগীয়া হয় কৰ্মচাৰীসকলে ।

আনহাতে, বন বিভাগৰ কৰ্মচাৰীসকলক কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰও বিভাগীয় কৰ্তৃপক্ষই যোগান ধৰা নাই ৷ নিজৰেই নিৰাপত্তাৰ অভাৱ হোৱা স্বত্বেও হাবিৰ মাজত বনৰীয়া জন্তুৰ লগতে বনাঞ্চলখন সুৰক্ষা দিবলগীয়া হৈছে বন বিভাগৰ এইসকল কৰ্মচাৰীয়ে ৷ এই ক্ষেত্ৰত চৰকাৰৰ পৰা তেওঁলোকে পোৱা নাই কোনো সঁহাৰি ৷ এতিয়া প্ৰশ্ন হয়, ক’ত আছে ৰাজ্যৰ বন বিভাগ ? এয়াই নেকি বন বিভাগৰ উন্নয়নৰ নমুনা !

লগতে পঢ়ক: স্বাধীনতা দিৱস: টিংখাঙত পাকঘৰ এৰি গাঁওৰক্ষাত নামিল এদল মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.