ETV Bharat / city

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড়ৰ এগৰাকী চাহ শ্ৰমিক খেলুৱৈ - 11 South Asian Ashihara karate Championship 2022

11 South Asian Ashihara karate Championship 2022ত উজলিল ডিব্ৰুগড়ৰ এগৰাকী চাহ শ্ৰমিক খেলুৱৈ ৷ চাহ বাগিচাত পুৱাৰ পৰা বিয়লিলৈ কামৰ অন্তত এখন বোকাময় পথাৰত অনুশীলন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় এইগৰাকী খেলুৱৈয়ে ৷

11 South Asian Ashihara karate Championship 2022
ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল ডিব্ৰুগড়ৰ এগৰাকী চাহ শ্ৰমিক খেলুৱৈ
author img

By

Published : Jul 6, 2022, 1:26 PM IST

মৰাণ, 6 জুলাই : পশ্চিমবংগত অনুষ্ঠিত হোৱা 11 South Asian Ashihara karate Championship 2022 ত পুনৰ সাফল্য অসমৰ আন এগৰাকী খেলুৱৈৰ ৷ ভূটান, নেপাল, শ্ৰীলংকাকে ধৰি পাঁচখন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ চাহ বাগিচাৰ খেলুৱৈ ৰাজিনা গুৱালাই ৷ ২৪ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল ডিব্ৰুগড়ৰ এগৰাকী চাহ শ্ৰমিক খেলুৱৈ

ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাত শ্ৰমিক হিচাপে কৰ্মৰত এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে পুৱা 7 বজাৰৰ পৰা বিয়লি 4 বজাৰলৈ বাগিচাত কাম কৰিবলগীয়া হয় । ইয়াৰ পিছতে ৰাজিনাই এখন বোকাময় পথাৰত নিজৰ খেলৰ বাবে অনুশীলন কৰে । ঘৰৰ আৰ্থিক দুৰ্বলতাৰ বাবে বাগিচাত কাম কৰাৰ এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অনুশীলন কৰিবৰ বাবে এখন উপযুক্ত খেলপথাৰ নোপোৱা বুলি আক্ষেপ প্ৰকাশ কৰে ।

এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ক্ৰীড়াৰ ক্ষেত্ৰখনত নিজক আৰু আগুৱাই নিয়াৰ বাবে চৰকাৰক সুবিধা প্ৰদান কৰাৰ বাবে আহ্বান জনায় । ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত উন্নতমানৰ খেল প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা এইগৰাকী প্ৰতিভাৱান খেলুৱৈ এতিয়া নতুন প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে ।

লগতে পঢ়ক : ইণ্ডো-থাই ইণ্টাৰনেচনেল ফুটছাল ২০২২ ৰ বাবে বাছনি হোজাইৰ ছোনিয়া ৰংপিপী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.