মৰাণ, 3 নৱেম্বৰ : ডিব্ৰুগড়তো জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত বিভাগটোৰ কৰ্মচাৰীসকলে বুধবাৰে 'পেন ডাউন' কাৰ্যসূচী ৰূপায়ন কৰে । পৰিবহন আয়ুক্ত কাৰ্যালয়ৰ পঞ্জীয়ক প্ৰদীপ সেনাপতিক অতিৰিক্ত আয়ুক্ত আই এ এছ বিষয়া ড৹ সদানন্দ সিংহই শাৰিৰীক অপদস্থ কৰিছিল । অতিৰিক্ত আয়ুক্তগৰাকীৰ এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰে সদৌ অসম চৰকাৰী জিলা পৰিবহন কৰ্মচাৰী সন্থাই ।
সদৌ অসম চৰকাৰী জিলা পৰিবহন কৰ্মচাৰী সন্থাই অতিৰিক্ত আয়ুক্ত ড৹ সদানন্দ সিংহৰ এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে । সন্থাই লগতে পৰিবহন বিভাগৰ অতিৰিক্ত আয়ুক্ত ড৹ সদানন্দ সিংহৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত বুধবাৰে ৰাজ্যৰ জিলাই জিলাই পৰিবহন বিষয়াৰ কাৰ্যালয়ত কৰ্ম বিৰতি পালন কৰা হয় ।
সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত ডিব্ৰুগড়তো জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত বুধবাৰে 'পেন ডাউন' কাৰ্যসূচী ৰূপায়ন কৰা হয় । সদৌ অসম চৰকাৰী জিলা পৰিবহন কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অৰূপ বৰা, সম্পাদক মিনাৰাম দত্ত, জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক অনিল প্ৰসাদ সিংহৰ নেতৃত্বত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।
লগতে পঢ়ক : আত্মসমৰ্পনকাৰী চোৰাং চিকাৰীয়ে ক’লে এটা গঁড় মাৰিলে ভাগত পাই 2 লাখ