ETV Bharat / city

লেপেটকটাত পৰম্পৰাগত পানীতোলা সবাহ

author img

By

Published : Jul 8, 2022, 7:20 AM IST

লেপেটকটাত ধৰ্মীয় নীতি নিয়মেৰে অনুষ্ঠিত হ'ল সোণোৱাল কছাৰী সকলৰ কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ পানীতোলা সবাহ (Panitola festival celebrated by Sonowal Kachari) ৷ সোণোৱাল কছাৰীসকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰি আহিছে কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ পানীতোলা সবাহ (Traditional Panitola festival) ।

traditional panitola festival celebrated by Sonowal Kachari at Lepetkata in Dibrugarh
লেপেটকটাত পৰম্পৰাগত পানীতোলা সবাহ

মৰাণ, 8 জুলাই : ডিব্ৰুগড়ৰ লেপেটকটাত ধৰ্মীয় নীতি নিয়মেৰে অনুষ্ঠিত হ'ল সোণোৱাল কছাৰী সকলৰ কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ পানীতোলা সবাহ ৷ উজনি অসমৰ এক শক্তিশালী জনগোষ্ঠী হ’ল সোণোৱাল কছাৰীসকল । সোণোৱাল কছাৰীসকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰি আহিছে কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ পানীতোলা সবাহ (Panitola festival celebrated by Sonowal Kachari) ।

লেপেটকটাত পৰম্পৰাগত পানীতোলা সবাহ

এই পৰম্পৰা ৰক্ষা কৰি ধৰ্মীয় নীতি নিয়মেৰে ১৪৮৮ চনতেই স্থাপিত লেপেটকটা কছাৰী গাঁৱৰ নামঘৰটোত সোণোৱাল কছাৰী ৰাইজে বৃহস্পতিবাৰে অনুষ্ঠিত কৰিলে কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ পানীতোলা সবাহ (Panitola festival celebrated at Lepetkata) । প্ৰতি ৫ বছৰৰ মুৰে মুৰে এই নামঘৰটোত সোণোৱাল কছাৰীসকলে পৌৰাণিক নীতি অনুসৰি আহাৰ মাহৰ যি কোনো এটা দিনত এই পানীতোলা সবাহ পালন কৰি আহিছে (Traditional Panitola festival) ।

এই পানীতোলা সবাহত দুগৰাকী পুষ্পিতা নোহোৱা ছোৱালীক দুদিনৰ‌ আগৰ পৰাই উপবাসে ৰাখি নামঘৰৰ মণিকুটৰ কাষত বহুৱাই নাম গাই গাঁৱৰ সকলো একত্ৰিত হৈ গায়ন-বায়নৰে নদী বা ৰাজহুৱা পুখুৰীলৈ ছোৱালী দুগৰাকীক লৈ গৈ তেওঁলোকৰ দ্বাৰাই পানী তুলি নামঘৰলৈ আনি মধ্য খুঁটাত ঢালি নামঘৰটো শুদ্ধি কৰা হয় ৷

লগতে এই পৰম্পৰাৰ জৰিয়তে পথাৰত ধানৰ থোক ওলোৱাৰ সময়ত কৃষক ৰাইজৰ সোণোৱালী পথাৰত যাতে ধান উপচি পৰে, পোক-পৰুৱাই অনিষ্ট নকৰাৰ লগতে গাঁওখনৰ অপায়-অমংগল দূৰ হয় তাৰ বাবে প্ৰাৰ্থনা কৰা হয় ।

উল্লেখ্য যে, প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা এই বৰ নামঘৰত শংকৰদেৱ, মাধৱদেৱৰ তিথিকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি অঞ্চলটোত এক ধৰ্মীয় পৰিৱেশ সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে সোণোৱাল কছাৰীসকলে ।

লগতে পঢ়ক: বার্ণল নহয়, এতিয়া ফেনাইল, ব্লিছিং পাউদাৰ বিতৰণৰ সময়: বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.