ETV Bharat / city

Presidential election: পিতৃৰ তিলনিৰ দিনাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট দিলে বিধায়ক চক্ৰধৰ গগৈয়ে

পিতৃৰ তিলনিৰ দিনাই মৰাণৰ গৃহৰ পৰা গৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট দিলে অসমৰ এগৰাকী বিধায়কে ৷ এখন বিশেষ বিমানেৰে বিধায়কগৰাকীক নিয়া হ'ল ভোট দিবৰ বাবে ।

author img

By

Published : Jul 18, 2022, 10:51 PM IST

পিতৃৰ তিলনীৰ দিনাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট দিলে বিধায়ক চক্ৰধৰ গগৈয়ে

মৰাণ, 18 জুলাই: এফালে দলীয় দায়বদ্ধতা ৷ আনফালে পিতৃৰ তিলনী ৷ তেনেকৈয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিলে এইখন অসমৰে এজন বিধায়কে ৷ আজি দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰে (Presidential election Polling ended 5 pm on Monday) । এই নিৰ্বাচনত শাসক দলৰ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূক (NDA presidential candidate Draupadi Murmu) যিকোনো প্ৰকাৰে জয় কৰোৱাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হ'ল শাসক দল বিজেপিক ৷

এইবাৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ (President election in Assam) বাবে অধিক তৎপৰ হোৱা পৰিলক্ষিত হ'ল । ৰাজ্যৰ এটাও ভোট যেন হেৰুৱাব নুখুজিলে বিজেপিৰ ৰাজ্যিক নেতৃত্বই । ফলত পিতৃৰ তিলনীৰ দিনাই মৰাণৰ গৃহৰ পৰা গৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট দিলে বিধায়ক চক্ৰধৰ গগৈয়ে ।

এখন বিশেষ বিমানেৰে বিধায়ক চক্ৰধৰ গগৈক নিয়া হ'ল ভোট দিবৰ বাবে । পুৱা পিতৃৰ তিলনীত ব্যস্ত থকা বিধায়ক চক্ৰধৰ গগৈয়ে ধৰ্মীয় নীতি নিয়ম পালন কৰিয়েই বিশেষ বিমানেৰে গৈ ভোট দিয়া পৰিলক্ষিত হয় । উল্লেখ্য যে, বিগত ১৬ জুলাইত নিজৰ পিতৃৰ বিয়োগ হোৱা বাবে গুৱাহাটীৰ পৰা ৰাতিয়েই আহি বৰপুত্ৰ হিচাপে দেওবাৰে পুৱা নিজৰ দ্বায়িত্ব পালন কৰি পিতৃৰ নশ্বৰ দেহত মুখাগ্নি দিছিল বিধায়ক গৰাকীয়ে ।

ঠিক সেইদৰে সোমবাৰে পিতৃৰ তিলনীৰ দিনাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট দি দলীয় দায়বদ্ধতাৰ নিদৰ্শন দেখুৱালে বিধায়ক চক্ৰধৰ গগৈয়ে । আনহাতে বিধায়কজনৰ এটা ভোটক লৈ ৰাজ্যিক বিজেপিৰ নেতৃত্বই চিন্তা কৰা বিষয়টোৱে এতিয়া ৰাজনৈতিক মহলত চৰ্চিত বিষয় হৈ পৰিছে ।

লগতে পঢ়ক: Presidential Election: বিয়লি ৫ বজাত দিছপুৰৰ বিধানসভাৰ চেণ্ট্ৰেল হলত সমাপ্ত ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.