মৰাণ,৩০ মে': ডিব্ৰুগড়ৰ তৈল নগৰী দুলীয়াজানত ক'ভিডে ভয়ানক ৰূপ ধাৰণ কৰিছে । চহৰখনৰ চাহ বাগিচা এলেকাত বিশেষকৈ ক'ভিড ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আহিছে । শনিবাৰে দুলীয়াজান অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী ক'ভিড কেন্দ্ৰত গৈ চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয় দুলীয়াজানৰ বিধায়ক তেৰচ গোৱলাই ।
লগতে কোনো এজন ৰোগীয়ে যাতে খাদ্য সামগ্ৰীৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে বিধায়কজনে । উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো ব্যাপক হাৰত বৃদ্ধি পাই আহিছে ক'ভিডৰ সংক্ৰমণ ।
লগতে পঢ়ক: বিদ্যুৎপৃষ্ট হৈ নিহত লক্ষ্যজিৎ গগৈৰ বাসগৃহত মন্ত্ৰী যোগেন মহন