ETV Bharat / city

মোদীৰ অসম ভ্ৰমণ সাফল্য মণ্ডিত কৰাৰ বাবে তৎপৰ টীম হিমন্ত - গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২৮ এপ্ৰিলত উপস্থিত হ’বহি কাৰ্বি আংলং আৰু ডিব্ৰুগড় চহৰত (PM Modi to visit Assam) ।  প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণক লৈ এতিয়া চলিছে ব্যাপক ৰাজনৈতিক চৰ্চা ।

Team Himanta gearing up to make Modi's visit to Assam a success

author img

By

Published : Apr 25, 2022, 9:31 PM IST

গুৱাহাটী, 25 এপ্ৰিল: অহা ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড় চহৰত আৰু কাৰ্বি আংলঙৰ ডিফু চহৰত অংশগ্ৰহণ কৰিবলগীয়া দুখন বিশেষ জনসভাক লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা (PM Modi's Assam visit)। ইতিমধ্যে এই দুখন ৰাজহুৱা সভাত লক্ষাধিক লোকক অংশগ্ৰহণ কৰোৱাৰ বাবে ব্যাৱস্থা কৰিছে শাসকীয় দল আৰু চৰকাৰে । সেই অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা এমাহৰ আগতেই দায়িত্ব ভগাই দিছিল তেওঁৰ কেবিনেট আৰু কেইবাগৰাকীও জ্যেষ্ঠ আমোলাৰ মাজত (Preparation for Modi's Assam visit)।‌

Team Himanta gearing up to make Modi's visit to Assam a success
মোদীৰ অসম ভ্ৰমণ সাফল্য মণ্ডিত কৰাৰ বাবে তৎপৰ টীম হিমন্ত

মনকৰিবলগীয়া যে, দেওবাৰে ঘোষিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰশক্তিয়ে দেখুওৱা চমকপ্ৰদ ফলাফলৰ পিছত শাসক পক্ষই আচলতে অসমবাসীক জনসমৰ্থন প্ৰদৰ্শন কৰাৰ কোনো কাৰণ নাই ।‌‌ কিন্তু তাৰ‌পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোদীৰ সভাত লাখে লাখে মানুহ আনিবলৈ ধনে বলে তৎপৰ হৈ পৰিছে ।

চৰ্চা অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই দুই সভা চাৰিওদিশৰ পৰা সফল কৰি তুলিবলৈ চেষ্টা কৰাৰ অৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত থকা‌ অঘোষিত প্ৰতিযোগিতা ।

উল্লেখ নিস্প্ৰয়োজন যে, মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কোনজননো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেছি ওচৰৰ মানুহ সেই কথা প্ৰতিপন্ন কৰিবলৈ দুয়োজনে প্ৰতিযোগিতা অব্যাহত ৰাখিছে । যোৱা ২৩ এপ্ৰিলৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীৰ বাসভৱনত ৰঙালী বিহু পাতি তালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি নিশ্চিত কৰি তোলা কাৰ্যৰ আঁৰত যে ৰাজনৈতিক আধিপত্যৰ কথা আছে সেয়া নিশ্চিত (Rangali Bihu celebration in Sarbananda Sonowal's residence)। সৰ্বানন্দ সোণোৱালৰ ঘৰলৈ আহি প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল আপ্যায়ন গ্ৰহণ কৰাই নহয়, বিহুৰ ঢোল আৰু ম’হৰ শিঙৰ পেঁপাও বজায় (Modi beating Assamese Dhol)।

সৰ্বানন্দ সোণোৱালৰ সৈতে প্ৰধানমন্ত্ৰী

দেশৰ এগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী এগৰাকীৰ ঘৰলৈ আহি এনেকৈ বিহুত অংশগ্ৰহণ কৰা কাৰ্য স্বাভাৱিকতে লক্ষ্যণীয় । দলৰ এক‌ সূত্ৰৰ মতে মোদীৰ এই পদাৰ্পনে অসমবাসীক যিমান সমৃদ্ধ কৰিছে তাতকৈ অধিক সমৃদ্ধ কৰিছে সোণোৱালকহে ।

সূত্ৰটোৰ মতে, প্ৰধানমন্ত্ৰীৰ মোদীৰ সমাগত অসম ভ্ৰমণ কেন্দ্ৰিক কোনো আয়োজনৰ সৈতে জড়িত কৰোৱা হোৱা নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক ।‌‌‌‌‌ ৰাজ্যিক বিজেপিৰ এজন নেতা আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বতে চলিছে এই আয়োজন । সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়ৰ অনুষ্ঠিত হ'ব লগা মোদীৰ সভাৰ আয়োজনত তেওঁকেই এলাগী কৰা কাৰ্যত স্বাভাবিকতে ক্ষোভিত হৈ আছিল সোণোৱাল । সেই বাবেই হঠাতে তেওঁৰ দিল্লীৰ বাসভৱনত প্ৰধানমন্ত্ৰীক আমন্ত্ৰণেৰে চলিল ব্যতিক্ৰমী আয়োজন ।

উল্লেখ্য যে, সোণোৱালৰ বাসভৱনত মোদীৰ পদাৰ্পনে অধিক যুদ্ধংদেহী কৰি তুলিছে ডিফু আৰু ডিব্ৰুগড়ৰ আয়োজন । ইয়াকে লৈ দলৰ একাংশই ৰসো পাইছে । কাৰ্যতঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ প্ৰতিহে অধিক সদয় বুলি পৰিচিত মোদীক ২৮ এপ্ৰিলত কিদৰে সন্তুষ্ট কৰিব পৰা‌ যায় তাকে লৈ ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ টিম ।

লগতে পঢ়ক : CM in Dibrugarh : প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ তদাৰকী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.