ETV Bharat / city

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ সমাজৰ - অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তীব্ৰ প্ৰতিবাদ

ইটোৰ পিছত সিটো সমস্যাৰ সন্মুখীন হৈছে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰ ৷ এইবাৰ নিজ কাৰ্যালয়তে ঘেৰাও কৰি ছাত্ৰ সমাজে জৱাবদিহি কৰিলে বিতৰ্কিত অধ্যক্ষা গৰাকীক ৷

students-protest-at-moran-college-against-principal-dr-mitali-konwar
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ সমাজৰ
author img

By

Published : Jul 29, 2021, 9:09 PM IST

মৰাণ, 29 জুলাই : বিতৰ্কই লগ এৰা নাই মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ৷ শেহতীয়াকৈ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ পাছতে এইবাৰ অধ্যক্ষাগৰাকীৰ কাৰ্যালয় ঘেৰাও কৰিছে ছাত্ৰ সমাজে ৷ বৃহস্পতিবাৰে আবেলি বিতৰ্কিত অধ্যক্ষাগৰাকী মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিছত কাৰ্যালয়তে ঘেৰাও কৰি জৱাবদিহি কৰে মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে ৷ লগতে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে মানি লোৱা নহ'ব বুলি মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে স্থিতি স্পষ্ট কৰি দিয়ে ৷

উল্লেখ্য যে, মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে অধ্যক্ষৰ কাৰ্যালয়তে ড৹ মিতালী কোঁৱৰক ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাত মহাবিদ্যালয়ত মৰাণহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে আইনক সহযোগ কৰাৰ আহ্বান জনায় ৷ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰে নিজ গৃহত শিশু শ্ৰমিক হিচাপে ৰখা এটি 12 বছৰীয়া শিশুক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত যোৱা বৰ্ষৰ ছেপ্তেম্বৰত স্বামীসহ গ্ৰেপ্তাৰ হৈ অধ্যক্ষা পদৰ পৰা নিলম্বন হৈছিল ৷ ইয়াৰ পাছতে পুনৰ শেহতীয়াকৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদত যোগদান কৰিছিল নিলম্বিত অধ্যক্ষা গৰাকীয়ে ৷

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ সমাজৰ

নিলম্বিত অধ্যক্ষাগৰাকীয়ে পুনৰ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে যোগদান কৰাৰ পাছৰে পৰা মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে উত্তাল প্ৰতিবাদ ৷ বিতৰ্কিত অধ্যক্ষাগৰাকীক কোনো কাৰণতে গ্ৰহণ কৰা নহ’ব বুলি সকীয়াই দি আৰক্ষী প্ৰশাসনক এই বিষয়ত পুনৰ তদন্ত কৰিবলৈ আহ্বান জনাইছিল ৷ কেৱল মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজেই নহয়, তিনিচুকীয়াৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অধ্যক্ষাগৰাকীৰ দিনত বিভিন্ন কাম-কাজত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল ৷

সংগঠনটোৱে মৰাণহাট আৰক্ষী থানাত এজাহাৰ(FIR) দাখিল কৰি অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন তথা অসম চৰকাৰ আহ্বান জনাইছিল ৷ কিন্তু ইয়াৰ পাছতো চৰকাৰ তথা প্ৰশাসনে বিষয়টোৰ সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজ ৷ ঘটনা সন্দৰ্ভত প্ৰশাসন তথা চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে প্ৰতিবদকাৰীসকলে ৷

লগতে পঢ়কঃ মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.