মৰাণ, 6 আগষ্ট : চাৰিওফালে এতিয়া কেৱল টকিঅ’ অলিম্পিকৰ চৰ্চা ৷ দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে লাভলীনাই ৷ দেশৰ আন প্ৰান্তৰো কেইবাগৰাকীও খেলুৱৈছে ৰচিছে সুনাম ৷ এই সকলোবোৰৰ মাজতে আপোনালোক লৈ যাব বিচাৰিছোঁ এগৰাকী চাহ বনুৱাৰ কাষলৈ ৷ তেওঁ কোনো সাধাৰণ চাহ বনুৱা নহয় ৷ লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল তেওঁ ৷ নাম পিংকী কৰ্মকাৰ ৷ মনত আছেনে ? অলিম্পিকৰ শিখা দৌৰৰ পিংকী কৰ্মকাৰক ?
2012 চনৰ লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিকত বিশ্বৰ 20 খন দেশৰ লগতে ভাৰতক শিখা দৌৰত প্ৰতিনিধিত্ব কৰা পিংকী কৰ্মকাৰে এতিয়া কটাইছে শ্ৰমিকৰ জীৱন । ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাত সময়ৰ সোঁতত হেৰাই যোৱা এইগৰাকী খেলুৱৈয়ে মাত্ৰ 18 বছৰ বয়সতে ইউনিচেফৰ 'স্পৰ্টছ ফৰ ডেভেলপমেন্ট' শীৰ্ষক প্ৰকল্পৰ জৰিয়তে লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল ৷
এটা সাধাৰণ শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পিংকীৰ এই সাফল্যত গৌৰাৱাম্বিত হৈ পৰিছিল সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী । কিন্তু এইগৰাকী অলিম্পিকৰ শিখা দৌৰবিদৰ জীৱন পৰিক্ৰমা দেখিলে আপোনাৰো বুকুৰে উজায় আহিব এসোঁতা বিষাদ ।
চাহ বাগিচা অঞ্চলত শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু বাল্যবিবাহ, সুৰা আদিৰ বিৰুদ্ধে কাম কৰি অহাৰ লগতে সজাগতামূলক কাম কৰি আহিছে পিংকীয়ে । বৰ্তমানেও ধাৰাবাহিকতা অক্ষুন্ন ৰখা পিংকীক লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশগ্ৰহণৰ বিনিময়ত ইউনিচেফে দিয়া নাছিল মাননি । সুদা হাতে সুদূৰ লণ্ডনৰ পৰা উভতি আহিবলগীয়া হৈছিল পিংকী । ইফালে লণ্ডনৰ পৰা উভতি অহাৰ সময়ত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে আদৰি অনা হৈছিল পিংকীক ।
পিংকীৰ বাগিচাৰ আৱাসগৃহত ভৰি পৰিছিল মন্ত্ৰী-বিধায়ককে ধৰি বহু জাতীয় সংগঠনৰ নেতা । আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই সময়ত পিংকীক সম্বৰ্ধনা জনাই ভৱিষ্যতে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল । সেইদৰে সেই সময়ৰ কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৃথ্বী মাঝিয়েও দিছিল ভৱিষ্যতে পিংকীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি ।
কিন্তু একোৱেই নাপালে পিংকীয়ে ৷ নিজ হাতে সম্বৰ্ধনা জনাই প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোনোৱালে এবাৰলৈয়ো আহৰি নাপালে পিংকীৰ খবৰ ল'বলৈ । 2015 চনত পিংকীৰ মাতৃৰ মৃত্যুৰ পিছত অৰ্থৰ অভাৱত পিংকীয়ে আধাতে এৰিবলগীয়া হৈছিল শিক্ষা জীৱন । নামভৰ্তিৰ বাবে সহায় বিচাৰি পৃথিৱী মাঝিৰ কাষ চাপিও পোৱা নাছিল সহায় । আৰ্থিক দৈন্যতাত ভোগা পিংকীয়ে পৰিয়াল পোহপাল দিবলৈ আকোৱালি ল'বলগীয়া হৈছিল শ্ৰমিকৰ জীৱন ৷
পিংকী এতিয়া বৰবৰুৱা চাহ বাগিচাৰ স্থায়ী শ্ৰমিক । চৰকাৰে সহায় কৰিলে আকৌ আগবাঢ়িব বিচাৰে পিংকীয়ে । আধাতে শিক্ষা জীৱন সামৰা পিংকীয়ে উচ্চ শিক্ষা গ্ৰহণত আগ্ৰহী । এতিয়া মাথো পিংকীক প্ৰয়োজন কৰ্মসংস্থাপনৰ ।
পিংকীৰ জীৱন সংগ্ৰাম দেখিলে প্ৰশ্ন হয় এনেকৈয়ে হেৰাই যাব নেকি খেলুৱৈ সকল ? চৰকাৰৰ সাহায্য মাত্ৰ প্ৰতিশ্ৰুতি ভৰা কথাতেই আৱদ্ধ থাকিব নেকি ? লাভলীনা-হীমা দাসহঁতৰ দৰে পিংকীৰো আছিল হেজাৰ সপোন কিন্তু এই সপোন যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে সময়ৰ গতিত...
লগতে পঢ়ক : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'ল চামতাৰ ৰাজদ্বীপৰ নাম