ETV Bharat / city

চলা সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ দায়িত্ব লৈছে ৰাইজে - Chala village sanctuar

চৰাইদেউৰ 'চলা সংৰক্ষিত বনাঞ্চল'ক সুৰক্ষা প্ৰদান (preservation of Chala reserve forest কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে পাৰ্শ্বৱৰ্তী গাঁওসমূহৰ জনসাধাৰণে । প্ৰত্যেকদিনাই 22 জন গাঁওৰ যুৱকে সুৰক্ষা দিয়ে এই বনাঞ্চলখনক ।

public-taking-responsibility-of-a-reserve-forest-of-charaideo
ৰাজ্যত বন ধ্বংস হৈ থকা সময়তে চৰাইদেউৰ এখন সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণৰ দায়িত্ব লৈছে ৰাইজে
author img

By

Published : Nov 25, 2021, 9:20 PM IST

মৰাণ, 25 নৱেম্বৰ : ৰাজ্যত অবাধ বন ধ্বংস হৈ থকাৰ সময়তে চৰাইদেউৰ এখন গাঁৱৰ জনসাধাৰণে সংৰক্ষণ কৰিছে এখন বনাঞ্চল(Public taking responsibility of a reserve forest of Charaideo) ৷ কাঠৰ চোৰাং সৰবৰাহকাৰী তথা বেদখলকাৰীৰ কৱলত পৰি ধ্বংস হ'বলৈ ধৰা এখন বনাঞ্চল সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছে বনাঞ্চল খনৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ ৰাইজে । চৰাইদেউ জিলাত অৱস্থিত এই বনাঞ্চলখন জিলাখনৰ 683 হেক্টৰ মাটিকালিৰে আৱৰি আছে ৷ এই 'চলা সংৰক্ষিত বনাঞ্চল'ক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে পাৰ্শ্বৱৰ্তী গাঁওসমূহৰ জনসাধাৰণে(Chala Reserve Forest protect by villagers) ।

ৰাজ্যত বন ধ্বংস হৈ থকা সময়তে চৰাইদেউৰ এখন সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণৰ দায়িত্ব লৈছে ৰাইজে

চলা পথাৰ শ্যাম গাঁৱৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচী উপলক্ষে লোৱা সিদ্ধান্ত অনুসৰি বনাঞ্চলখনৰ প্ৰাকৃতিক সম্পদৰাজিক স্থানীয় ৰাইজৰ দ্বাৰা সংৰক্ষণ কৰাৰ বাবে গাঁওবাসীয়ে বনাঞ্চলখনক “চলা গ্ৰাম্য অভয়াৰণ্য” (Chala village sanctuary) হিচাপে নামকৰণ কৰিছে । আনহাতে চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতি নামেৰে এখন সমিতি গঠন কৰি কাষৰীয়া অঞ্চলত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বনাঞ্চলখনত নৈশ পহৰা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে (night guard at Chala forest)।

প্ৰত্যেকদিনাই 22 জন গাঁৱৰ যুৱকে সুৰক্ষা দিয়ে এই বনাঞ্চলখনক । ইফালে বনাঞ্চলখন সংৰক্ষণ আৰু সংবৰ্ধনৰ উদ্দেশ্যে চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিয়ে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি এই বনাঞ্চলখনত কাঠৰ চোৰাং সৰবৰাহ ৰোধ হোৱাৰ লগতে বেদখল কাৰ্যও হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Delhi Pollution : দিল্লীত পেট্ৰ’ল-ডিজেলযুক্ত বাহনৰ প্ৰৱেশ নিষিদ্ধ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.