ডিব্ৰুগড়, 19 আগষ্ট : বিদগ্ধ পণ্ডিত প্ৰয়াত প্ৰফেছৰ এমেৰিটাছ ডঃ অমৰেশ দত্তৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী । ডঃ দত্তৰ পদূলিৰ পৰাই মুখ্যমন্ত্ৰীৰ ঘোষণা ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হ'ব পণ্ডিতগৰাকীৰ প্ৰতিমূৰ্তি ৷
তেখেত সম্বন্বয়ৰ প্ৰতীক বুলি উল্লেখ কৰি তেওঁৰ স্মৃতি যুগমীয়া তথা তেওঁৰ আৰ্দশক ৰাখিবৰ বাবে অসম চৰকাৰৰ পৰা প্ৰচেষ্টাত ডিব্ৰুগড় চহৰৰ ইণ্ডিয়া ক্লাৱ প্ৰাংগনত প্ৰতিষ্ঠা কৰা হ'ব তেওঁৰ প্ৰতিমূৰ্তি । তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ নালিয়াপুলস্থিত তেওঁ গৃহত সমবেদনা জ্ঞাপনৰ লগতে পুস্প প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ সদগতি কামনা কৰে । ইফালে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা লগতে তেওঁৰ আৰ্দশক জীয়াই ৰখাৰ প্ৰচেষ্টা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি অমৰ সৃষ্টিৰাজিক লৈ নৱপ্ৰজন্মৰ মাজত আলোচনাকে ধৰি বিভিন্ন কাৰ্যব্যৱস্থাও হাতত লোৱা হ'ব বুলি জনায় ।
ড° অমৰেশ দত্তৰ বিগত 6 আগষ্টত 102 বছৰ বয়সত দেহাৱসান ঘটিছিল ৷ দেশৰ বিশিষ্ট শিক্ষাবিদ প্ৰফেছৰ এমেৰিটাছ ডঃ অমৰেশ দত্ত শ্বেইক্সপীয়েৰ বিশেষজ্ঞ হিচাপে পৰিচিত আছিল । অধ্যাপক দত্তৰ জীৱনৰ অন্যতম কৃতি হ’ল ‘শ্বেইক্সপিয়েৰ্ছ ট্ৰেজিক ভিজন এণ্ড আৰ্ট’ নামৰ আন্তৰ্জাতিক সমাদৰ লাভ কৰা গ্ৰন্থখন । তেওঁ এন্চাইক্ল’পেডিয়া অব্ ইণ্ডিয়ান লিটাৰেচাৰৰ তিনিটা খণ্ডৰ মুখ্য সম্পাদক হিচাপেও বিশেষ কৃতিত্ব অৰ্জন কৰা লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল ।
সাহিত্য অকাডেমিৰ ভাৰতীয় সাহিত্যৰ বিশ্বকোষ প্ৰণয়ন সমিতিৰ প্ৰধান সম্পাদকো আছিল তেওঁ । 2010 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা,2018 চনত কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা, স্বাৰস্বৰ্ত সন্মানকে ধৰি বিভিন্ন বঁটা তথা গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক প্ৰফেছৰ 'এমেৰিটাছ' সন্মান প্ৰদান কৰিছিল । 1918 চনত জন্ম লাভ কৰা 'প্ৰফেছাৰ এমেৰিটাছ' ডঃ অমৰেশ দত্তই পঞ্চাশৰ দশকত মধ্যপ্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়ত শিক্ষকতাৰ পাতনি মেলাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল ।
লগতে পঢ়কঃ বিদগ্ধ পণ্ডিত ড° অমৰেশ দত্তৰ দেহাৱসান