ETV Bharat / city

ডিব্ৰুগড়ত চুতীয়া যুৱ সন্মিলনৰ সংবাদমেল

ডিব্ৰুগড়ত চুতীয়া যুৱ সন্মিলনৰ সংবাদ মেল ৷ বিজেপি দলে চুতীয়া জনগোষ্ঠীক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷

ডিব্ৰুগড়ত চুতীয়া যুৱ সন্মিলনৰ সংবাদমেল
ডিব্ৰুগড়ত চুতীয়া যুৱ সন্মিলনৰ সংবাদমেল
author img

By

Published : Mar 19, 2021, 8:45 AM IST

ডিব্ৰুগড়, 19 মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক ভোটদান নকৰিবলৈ আহ্বান জনাইছে চুতীয়া যুৱ সন্মিলনে ৷ চুতীয়া জনগোষ্ঠীৰ হৈ ৰাজ্যৰ লখিমপুৰ, বিপুৰীয়া, নাওবৈছা, গোলাঘাট, টিয়ক, সৰুপথাৰ, তিতাবৰ আদি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দাবী কৰিছিল চুতীয়া জনগোষ্ঠীৰ পৰা । কিন্তু বিজেপি দলে বিষয়টোৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ ফলস্বৰূপে বিজেপিক চুতীয়া জনগোষ্ঠীৰ লোকক ভোটদান নকৰিবলৈ শুকুৰবাৰে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি অনুৰোধ জনালে চুতীয়া যুৱ সন্মিলনে ।

ডিব্ৰুগড়ত চুতীয়া যুৱ সন্মিলনৰ সংবাদমেল

পূৰ্বৰ দৰে পুনৰ ৰাইজক ঠগিবলৈ বিজেপি দলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাই আছে । পূৰ্বতে নিবনুৱা সমস্যা সমাধান কৰা, ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আদিকে ধৰি বহু কথা কৈ শাসনলৈ আহিছিল যদিও কোনো কাম কাৰ্যকৰি নকৰিলে । বিজেপি দললৈ এই অভিযোগ উত্থাপন কৰি ৰাজ্যৰ চুতীয়া জনগোষ্ঠীক বিবেক ভোটদান কৰিবলৈ আহ্বান জনাইছে চুতীয়া যুৱ সন্মিলনে ৷ চৰকাৰে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰালৈকে আন্দোলন চলাই যোৱাৰো হুংকাৰ প্ৰদান কৰিছে সদৌ অসম চুতীয়া যুৱ সন্মিলনৰ কৰ্মকৰ্তাই ।

লগতে পঢ়কঃডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে যোগ দিলে বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.