ETV Bharat / city

মৰাণত অন্ধকাৰ শ্ৰেণীকোঠা : বিদ্যালয়ৰ বাৰান্দাত চলিছে গুণোৎসৱ - শিক্ষাখণ্ডৰ উন্নয়নৰ পুতৌ লগা ছবি

বুধবাৰৰ পৰা আৰম্ভ হৈছে শিক্ষা বিভাগৰ গুণোৎসৱ (Gunotsav 2022) ৷ তেনে সময়তে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয়ত আজিলৈকে নাই পৰ্যপ্ত সুবিধা ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

poor-school-infrastructure-in-charaideo
মৰাণত অন্ধকাৰ শ্ৰেণীকোঠা : বিদ্যালয় বাৰান্দাত চলিছে গুণোৎসৱ
author img

By

Published : May 13, 2022, 3:56 PM IST

মৰাণ, 13 মে’: বুধবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022) ৷ ৰাজ্যৰ প্ৰায় সংখ্যক চৰকাৰী বিদ্যালয়কত শৈক্ষিক দিশৰ আন্তঃগাঠনিৰ মান নিৰূপন কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই গুণোৎসৱ ৷ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা 10 খন জিলাত গুণোৎসৱৰ আজি তৃতীয়টো দিন ।

পিছে শৈক্ষিক দিশটো উন্নত কৰিবলৈ চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডৰ পুতৌলগা ছবিখন আকৌ এবাৰ উন্মোচিত হৈছে (Poor school infrastructure in Charaideo) । প্ৰত্যেকদিনাই শিক্ষাখণ্ডৰ উন্নয়নৰ কথা কোৱা এইখন বিজেপি চৰকাৰৰ দিনতে দেখিবলৈ পোৱা গৈছে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পুতৌলগা ছবি ৷

মৰাণত অন্ধকাৰ শ্ৰেণীকোঠা : বিদ্যালয় বাৰান্দাত চলিছে গুণোৎসৱ

বিদ্যালয়খন হৈছে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ চেপন শিক্ষা খণ্ডৰ অন্তৰ্গত খুমটাই বাগান 'গ' প্ৰাথমিক বিদ্যালয় ৷ বহু অসুবিধাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে এই বিদ্যালয়খনত । এই বিদ্যালয়খনত কোঠা বুলিবলৈ নাই কোনো নিৰ্দিষ্ট কোঠা (No basic amenities in school) ৷ ফলত একেটা কোঠাতেই চলিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান ৷ একপ্ৰকাৰ মুকলি আকাশৰ তলতে পাঠদান কৰিবলগীয়া হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷

আনকি মাত্ৰ তিনিগৰাকী শিক্ষকে 170 গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে ৷ এই বিষয়ে উৰ্দ্ধতম কতৃপক্ষক বাৰম্বাৰ জনাই আহিছে যদিও আজিলৈকে সুফল পোৱা নাই বিদ্যালয় কতৃপক্ষই । আনহে নালাগে বিদ্যালয়ৰ শ্ৰেণী-পাঠদানকে আদি কৰি বিদ্যালয়খনৰ সকলো চাফ-চিকুণৰ কাম কৰিব লাগে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে । মুঠতে এনেদৰে চলিছে এতিয়া ৰাজ্যৰ কিছু বিদ্যালয়ত গুণোৎসৱ ।

লগতে পঢ়ক : Gunotsav Assam 2022 : চৰাইদেউ জিলা শিক্ষা বিভাগত অৰাজক পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.