ETV Bharat / city

ডিব্ৰুগড়ত ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰূদ্ধে কঠোৰ আৰক্ষী

author img

By

Published : Jun 29, 2021, 3:17 PM IST

ডিব্ৰুগড়ত ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰূদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হৈছে আৰক্ষী ৷ ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰূদ্ধে মঙলবাৰে আৰক্ষীয়ে চলোৱা এটা অভিযানত এঘন্টা সময়ৰ ভিতৰতে 15,000 টকা সংগ্ৰহ কৰিলে আৰক্ষীয়ে ৷

Police Operation against covid protocol breakers At Dibrugarh
ডিব্ৰুগড়ত ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰূদ্ধে কঠোৰ আৰক্ষী

মৰাণ,29 জুন: ৰাজ্যৰ অন্যান্য় জিলাসমূহৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনতো কৰ'ণা প্ৰতিৰোধ কৰিবলৈ ক'ভিড SOP, আংশিক লকডাউন (Lock down) দিয়াৰ উপৰিও কোনো কোনো অঞ্চলত সান্ধ্য আইন, 144 ধাৰাও জাৰি কৰিছে প্ৰশাসনে ৷ ইফালে চৰকাৰে জাৰি কৰা কভিড SOP উলংঘাকাৰীৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ইফালে ডিব্ৰুগড় জিলাত ক'ভিড প্ৰটকল ভংগকাৰীৰ বিৰুদ্ধে মঙলবাৰে অধিক কঠোৰ হৈ পৰিল আৰক্ষী ।

জিলাখনৰ দুলীয়াজান, মৰাণ, খোৱাং, চাবুৱা, টেঙাখাটকে আদি কৰি বিভিন্ন প্ৰান্তত ক'ভিড SOP উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান । বিশেষকৈ টেঙাখাটত কৰ'ণাই ব্যাপকভাৱে বৃদ্ধি পোৱাত কৰণা প্ৰতিৰোধৰ উদ্দেশ্যেৰে মঙলবাৰে টেঙাখাট আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে । কৰ'ণা মহামাৰীৰ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰা ক'ভিড প্ৰট'কল ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰতকৈ অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷

ইফালে আৰক্ষীয়ে চলোৱা অভিযানত যি সকল লোকে ক'ভিড SOP উলংঘা কৰিছে, সেই সকল লোকক জৰিমনা বিহাৰ উপৰিও দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনত অহা যাত্ৰীয়ে যদি মাস্ক, হেলমেটৰ উপৰিও চিট বেল্ট পৰিধান কৰা নাই, সেইসকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

মঙলবাৰে ক'ভিড প্ৰটকল ভংগ কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত 1 ঘন্টা সময়ৰ ভিতৰতে 15,০০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে । এনে ভয়াৱহ সময়ত যিসকলে আইন ভংগ কৰিব, সেই সকলৰ বিৰূদ্ধে অনাগত দিনতো উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমণি দাসে জানিবলৈ দিছে ।

লগতে পঢ়ক-আমগুৰিত 6 বছৰে সম্পূৰ্ণ নহ'ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.