মৰাণ, 25 মাৰ্চ : বিজেপিৰ এক নিৰ্বাচনী সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই কৰা মন্তব্যৰ বিৰোধীতা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৷ অসমত বিজেপি চৰকাৰে পুনৰ জয়ী হ'লে 'কা' বলৱৎ কৰা হ'ব বুলি নাড্ডাই কৰা মন্তব্যৰ বিৰোধীতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চাংমাইয়ে ৷
উল্লেখ্য যে, 'কা' অসমত বলৱৎ কৰা হ'ব বুলি জে পি নাড্ডাই মন্তব্য কৰাৰ পাচতে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ৷ আনহাতে, বুধবাৰে সমগ্ৰ ৰাজ্যতে আছুয়ে নাড্ডাৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
অসম গণ পৰিষদক বাদ দি ৰাজ্যৰ নতুন আঞ্চলিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনাই পলাশ চাংমাইয়ে । লগতে অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈৰ সংগ্ৰামী সত্বাক সন্মান জনাই দুয়োজনকে ভোট দি বিধানসভালৈ পঠিয়াবলৈ আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৷
লগতে পঢ়ক : বিজেপিয়ে তৰল সাম্প্ৰদায়িক কথাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে : লুৰিণ