ETV Bharat / city

অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযান - abhaipur forest news

সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগ, প্ৰশাসন তথা চিআৰপিএফৰ যৌথ অভিযান ৷ শীঘ্ৰে নিৰ্মাণ কৰা হ'ব জয়মতী বন শিবিৰ ৷

Operation at Abhaypur forest by forest department and CRPF
সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযান
author img

By

Published : Jun 20, 2021, 5:27 PM IST

মৰাণ, 20 জুন : চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত একাংশ নগা দুষ্কৃতিকাৰীৰ অবাধ বিচৰণ সন্দৰ্ভত বিভিন্ন মাধ্যমত চর্চা চলিছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ সোণাৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সহযোগত চৰাইদেউ জিলা প্ৰশাসন আৰু চিআৰপিএফৰ দ্বাৰা যৌথ অভিযান চলোৱা হয় বনাঞ্চলখনত । ইফালে বনাঞ্চলখনৰ ভিতৰত থকা জয়মতী বন শিবিৰটো ২০০২ চনতে বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত দুষ্কৃতিকাৰীৰ দপদপনি বৃদ্ধি হোৱাৰ লগতে বিভিন্ন সময়ত বনাঞ্চলৰ মাটি বেদখল তথা কাঠৰ চোৰাং সৰবৰাহ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযান

তেনে সময়তে বন বিভাগে অভিযান চলাই বনাঞ্চলখনৰ ভিতৰত অস্তিত্বহীন জয়মতী বন শিবিৰটো অতি শীঘ্ৰে স্থাপন কৰা হ'ব বুলি মন্তব্য কৰিছে সোণাৰি আঞ্চলিক বন বিষয়াই ৷ সোণাৰিৰ বন বিষয়াই জনোৱা মতে অতি শীঘ্ৰে নগা প্ৰশাসন আৰু অসম চৰকাৰৰ বন বিষয়াৰ উচ্চ বিষয়াসকলৰ সৈতে বনাঞ্চলৰ বিষয়টোক লৈ এক আলোচনা কৰা হ’ব ৷ বনাঞ্চলখনত বৰ্তমান চোৰাংভাৱে কৰা কাঠৰ সৰবৰাহ বহু পৰিমাণে কমিছে বুলি বিষয়াজনে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, অসম-নাগালেণ্ড সীমান্তত বহুদিনৰে পৰা নগাৰ আগ্ৰাসন অব্যাহত আছে ৷ নগাই অসম সীমান্ত অঞ্চল, বনাঞ্চল দখল কৰি গাঁও স্থাপন কৰা পৰিলক্ষিত হৈছে ৷ বিগত মাহৰ 27 মে’ত নগাই অসমৰ ভূমি দখল কৰাৰ খবৰ লাভ কৰি ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত এটা প্ৰতিনিধিৰ দলে স্থানীয় সাংবাদিকক লগত লৈ সীমান্তৱৰ্তী লোকসকলৰ পৰিৱেশ নিৰীক্ষণ কৰি থকাৰ সময়তে নগা দুৰ্বৃত্তই পাহাৰৰ পৰা গুলীবৰ্ষণ কৰিছিল ৷

লগতে পঢ়ক : ডিব্ৰুগড় চহৰত পুনৰ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.