ETV Bharat / city

বন্ধ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনো আকাশবাণী কেন্দ্ৰ - Prasar Bharati

উত্তৰ পূৱৰ কোনো আকাশবাণী কেন্দ্ৰ বন্ধ নহয়,পূৰ্বৰ দৰেই সকলো কাম কাজ চলি থাকিব।অৱশেষত স্পষ্ট কৰিলে প্ৰসাৰ ভাৰতীয়ে। বন্ধ হোৱাৰ বাতৰিক উৰা বাতৰি বুলিহে অভিহিত প্ৰসাৰ ভাৰতীৰ।

বন্ধ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনো আকাশবাণী কেন্দ্ৰ

author img

By

Published : Dec 17, 2020, 5:59 PM IST

ডিব্ৰুগড়,17 ডিচেম্বৰঃ প্রসাৰ ভাৰতীয়ে এক বিভাগীয় নির্দেশনাযােগে অসম তথা উত্তৰ-পূবত আকাশবাণীৰ কোনাে কেন্দ্র বন্ধ কৰা নহয় বুলি স্পষ্ট কৰি দিছে।

বন্ধ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনো আকাশবাণী কেন্দ্ৰ
বন্ধ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনো আকাশবাণী কেন্দ্ৰ
প্রসাৰ ভাৰতীয়ে সােণালী জয়ন্তী বর্ষ গৰকা আকাশবাণী ডিব্রুগড় কেন্দ্রটো পর্যায়ক্রমে নিশকটীয়া কৰি এটা সময়ত বন্ধ কৰি দিয়াৰ পূর্বাভাষ পােৱাৰ পাচত ৰাজ্যখনৰ শিল্পী সমাজৰ লগতে বৌদ্ধিক মহলতাে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল। আনকি ডিব্ৰুগড়ত আছুকে ধৰি শ শ শিল্পী,সাংস্কৃতিক সংগঠন,শ্ৰোতা ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰসাৰ ভাৰতীক ধিক্কাৰ দিয়াৰ লগতে এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছিল। উজনি অসমৰ বিভিন্ন স্থানতাে শিল্পীসকলে প্রসাৰ ভাৰতীৰ বিৰুদ্ধে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ তথা সর্বত্র তীব্র প্রতিক্রিয়াৰ সৃষ্টি হােৱাৰ পাচত প্ৰসাৰ ভাৰতীয়ে বিভাগীয় নির্দেশনাযােগে অসম তথা উত্তৰ-পূবৰ কোনাে কেন্দ্র বন্ধ কৰা নহব বুলি স্পষ্ট কৰি দিয়াৰ উপৰি একেটা নির্দেশনাতে অসম-উত্তৰ পূবৰ কেন্দ্রক সংকুচিত কৰি ৰীলে চেণ্টাৰ কৰা নহ'ব বুলিও উল্লেখ কৰে ৷ পূর্বৰ দৰেই অসম-উত্তৰ পূবৰ কেন্দ্রসমূহে অনুষ্ঠানসমূহ চলাই যাব বুলিও নির্দেশনাটোত কোৱা হৈছে।

উল্লেখ্য যে শিল্পী সমাজৰ লগতে বিশিষ্ট বুদ্ধিজীৱীসকলেও প্রসাৰ ভাৰতীৰ সিদ্ধান্তত মুকলিকৈ ক্ষোভ প্রকাশ কৰাৰ পাচত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভেডকাৰলৈ জৰুৰী পত্র প্রেৰণ কৰি ৰাইজৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰাৰ লগতে স্পর্শকাতৰ বিষয়টো সন্দৰ্ভত তেওঁৰ তৎকালীন হস্তক্ষেপ বিচাৰিছিল। তাৰ পিচতেই প্রসাৰ ভাৰতীৰ এনে সিদ্ধান্ত যথেষ্ট তাৎপর্যপূর্ণ।
উল্লেখযোগ্য যে,আকাশ বাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বতন্ত্ৰৰীয়া অনুষ্ঠান প্ৰচাৰ বন্ধ কৰাৰ এক পৰিকল্পনা কৰি ইতিমধ্যে প্ৰসাৰ ভাৰতীয়ে দিল্লীৰ নিৰ্দেশমমে যোৱা ২৪নৱেম্বৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰত এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল(এডিজি) কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কে সভা অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে সমগ্ৰ অসমত প্ৰবল জনমত তথা প্ৰতিবাদৰ বাবেই প্ৰসাৰ ভাৰতীয়ে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হল।পুনৰ এবাৰ প্ৰমাণ হল কিবা পাবলৈ হলে,আন্দোলনৰ বিকল্প নাই।

লগতে চাওকঃ তিৱা পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.