ETV Bharat / city

যোগেন মোহনৰ নেতৃত্বত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ বৈঠক

author img

By

Published : Oct 29, 2020, 11:18 AM IST

মন্ত্ৰী যোগেন মোহনৰ নেতৃত্বত জজলি লেছাই হাবিত অগপ-বিজেপিৰ মিত্ৰজোঁট বৈঠক ৷

যোগেন মোহনৰ নেতৃত্বত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ বৈঠক
যোগেন মোহনৰ নেতৃত্বত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ বৈঠক

মৰাণ, 29 অক্টোবৰ : বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ ব্যস্ততা দুগুণে বৃদ্ধি পাইছে । কা আন্দোলনৰ পাছতে অসমত দুটা আঞ্চলিক ৰাজনৈতিক দলে জন্ম লাভ কৰাৰ পাছতে শাসক দল বিজেপি আৰু অসম গণ পৰিষদৰ নেতা-কৰ্মীসকলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে দলীয় কামকাজ । শাসক দল বিজেপিয়ে নতুন ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ' আৰু 'ৰাইজৰ দল'ক অলপো যে সুযোগ দিব বিচৰা নাই, তাৰে উমান পোৱা গৈছে শেহতীয়াকৈ ।

বুধবাৰে ৰাজ্যিক মন্ত্ৰী যোগেন মোহনৰ নেতৃত্বত মাহমৰা সমষ্টিৰ জজলি লেছাই হাবিত অগপ আৰু বিজেপিৰ মিত্রজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয় । 2021ৰ বিধানসভা নিৰ্বাচনত মাহমৰা সমষ্টিত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাৰে কেনেকৈ কাম কৰা হ'ব সেই সম্পৰ্কে দুই দলৰ কৰ্মীসকলক লৈ আলোচনা কৰা হয় বৈঠকত । সাংবাদিকৰ আগত মন্ত্ৰীজনে কয়, "2016ত অসম গণ পৰিষদে মাহমৰাত প্ৰাৰ্থী দিছিল যদিও এইবাৰ মিত্ৰতাৰ ধৰ্ম পালন কৰি কোনো প্ৰাৰ্থী নিদিয়ে । দুই দলৰ নেতৃত্বৰ মাজত এইবাৰ সিদ্ধান্ত হৈছে । 21ৰ নিবাৰ্চনত মাহমৰাত মিত্রজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব ।"

লগতে পঢ়ক : বজালীৰ শ্বহীদ ৰবেন দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.