ETV Bharat / city

মৰাণত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই

ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰি মৰাণৰ ক'ভিড পৰিস্থিতি বুজ ল'লে কৃষি মন্ত্ৰী অতুল বৰাই ৷ মৰাণৰ চক্ৰ বিষয়া কাৰ্যালয়ত এটা গছপুলি ৰোপণ অতুল বৰাৰ ৷

Minister Atul Borah visited Moran
মৰাণত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী অতুল বৰাই
author img

By

Published : Jun 4, 2021, 10:06 PM IST

মৰাণ, 4 জুন : ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত । ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই । ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰি শুকুৰবাৰে প্ৰথমবাৰলৈ মৰাণৰ ক'ভিড পৰিস্থিতি বুজ লয় ।

মৰাণত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী অতুল বৰাই

মৰাণ ৰাজহ বিষয়া কাৰ্যালয়ত অনুষ্ঠিত এক সভাত ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লগতে স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত মন্ত্ৰীজনে মৰাণৰ ক'ভিড পৰিস্থিতিৰ লগতে উন্নয়নৰ খতিয়ান লয় । ইয়াৰ পাছতে মন্ত্ৰীজনে চক্ৰ বিষয়া কাৰ্যালয়ত এটা গছপুলি ৰোপণ কৰে । চক্ৰ বিষয়াৰ কাৰ্যালয়তে মৰাণ সমষ্টিৰ পঞ্চায়ত সভাপতি সকলৰ লগতে অসম গণ পৰিষদৰ মৰাণ সমষ্টিৰ কৰ্মী সকলে মন্ত্ৰীজনক সম্বৰ্ধনা জনায় মন্ত্ৰী অতুল বৰাক ৷

লগতে পঢ়ক : বেকাজানত বজাৰ গৃহতে চলিছে আৰক্ষী চকীৰ কাম-কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.