ETV Bharat / city

ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল অসম শিক্ষক সন্থাৰ বাৰ্ষিক অধিৱেশন

ডিব্ৰুগড় নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় অসম কলেজ শিক্ষক সন্থাৰ ডিব্ৰুগড় মণ্ডলৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন। উক্ত সভাখনত জিলাৰ 12 খনকৈ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতিবৃন্দ উপস্থিত থাকে ৷

author img

By

Published : Nov 13, 2021, 7:11 AM IST

meeting-of-assam-teacher-association-held-at-dibrugarh
ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল অসম শিক্ষক সন্থাৰ বাৰ্ষিক অধিৱেশন

ডিব্ৰুগড় , 13 নৱেম্বৰ : উজনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত অনুষ্ঠিত হয় অসম কলেজ শিক্ষক সন্থাৰ ডিব্ৰুগড় মণ্ডলৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন । শুকুৰবাৰে ৰাতিপুৱা স্মৃতি তৰ্পন কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানটোত ডিব্ৰুগড় জিলাৰ 12 খনকৈ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতিবৃন্দ উপস্থিত থাকে ৷ স্মৃতি তৰ্পন কাৰ্যসূচীৰ পাচতে উপস্থিত থকা 12 খন মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতিয়ে উত্তোলন কৰে অসম কলেজ শিক্ষক সন্থাৰ পতাকা ।

অসম কলেজ শিক্ষক সন্থাৰ ডিব্ৰুগড় মণ্ডলৰ সভাপতি ড৹ অনুপজ্যাতি ভৰালীৰ সভাপতিত্বত অনুষ্ঠিতত হোৱা এই প্ৰতিনিধি সভাত বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে সন্থাৰ ডিব্ৰুগড় মণ্ডলৰ সম্পাদক ড৹ অচেনি মাৰ্চে। এই সভাতেই পুৰণি পেঞ্চন নীতি বাহাল ৰাখি কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নতুন পেঞ্চন নীতি চমুকৈ 'এন পি এছ' বাতিল কৰিবলৈ দাবী জনাই সভাত এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

তদুপৰি উক্ত সভাত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলৰ বহু গুৰুত্বপূৰ্ণ সমস্যা সমুহক লৈ বিস্তৃতভাৱে আলোচনা কৰা হয় । উল্লেখ্য যে, এই সভাত অসম কলেজ শিক্ষক সন্থাৰ কেন্দ্ৰীয় সম্পাদক হিমাংশু মৰল, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পূৰন্দ গোহাঁইকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Nil-Abhi Murder : চূড়ান্ত ৰায়ৰ দিশে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.