ডিব্ৰুগড়, 5 অক্টোবৰ: ৰাজ্যত প্ৰান্তে প্ৰান্তে চলিছে দুৰ্গা পূজাৰ আনন্দ (Durga Puja 2022) ৷ ইয়াৰ মাজতে মৰাণৰ চেপনত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident at Moran) ৷
মঙলবাৰে নিশা চেপনত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় যুৱক (Man dies after being hit by Rajdhani Express) ৷ যুৱকজন চেপন তামোল তলিৰ বাসিন্দা অৰুণ মুণ্ডা বুলি জানিব পৰা গৈছে ৷ চেপন ৰে'লৱে ক্ৰচিঙৰ পৰা এশ মিটাৰ দূৰত সংঘটিত হয় ঘটনাটো ।
ইফালে, মৰাণৰ চেপনতো সংঘটিত হয় আন এক দূৰ্ঘটনা ৷ চাবুৱা এম ই এছ তিনিআলিত ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন যুৱক (Boy hits by Train) ৷ ডিব্ৰুগড় তিনিচুকীয়া অভিমুখী এখন ৰে'লে মহতিয়াই নি যুৱকজনৰ এখন ভৰি কাটি নিয়ে ৷
পৰৱৰ্তীসময়ত যুৱকজনক স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি চাবুৱা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । যুৱকজন পানীতোলা চাহ বাগিচাৰ (Panitola Tea Estate) তলব লাইনৰ সুৰজ উজিৰ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: উত্তৰকাশীত হিমস্খলন হৈ ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু