ডিব্ৰুগড়,15 মাৰ্চ: লাহোৱালৰ বকপৰাস্থিত কুছিয়াখানা চাহ বাগিচাত জঘন্য ঘটনা । সোমবাৰে দুপৰীয়া এটি মৃত নাহৰফুটুকী উদ্ধাৰ কৰা হয় । নাহৰফুটুকীটোৰ দেহৰ কেইবাটাও অংগ কাটি উধাও হয় দুষ্কৃতিকাৰী ।
স্থানীয় লোকৰ ভাষ্য অনুসৰি, কোনো দুস্কৃতিকাৰীয়ে নাহৰফুটুকীটো হত্যা কৰি দাঁত, নখ, নেজ আদি অংগ কাটি লৈ যায় । অঞ্চলটোৰ ৰাইজে এই নিকৃষ্ট ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । প্ৰায়ে চাহ বাগিচাত এইদৰে নাহৰফুটুকীক আক্ৰমণৰ ঘটনাই প্ৰকৃতিপ্ৰেমীৰ লগতে সচেতন মহলক আচম্বিত কৰি ৰাখিছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
লগতে পঢ়কঃ শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন নিতুল গগৈৰ