ETV Bharat / city

অস্তিত্বৰ সংকটত আহোম যুগৰ বৰ মেছলৌ-সৰু মেছলৌ - ahom kingdom

সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে মৰাণৰ ঐতিহাসিক 'বৰ মেছলৌ' আৰু 'সৰু মেছলৌ' মৈদাম ৷ স্থানীয় বিধায়ক তথা পৰ্যটন মন্ত্ৰী বিমল বৰাক ঐতিহাসিক সমল সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বিভিন্ন দল সংগঠনে ৷

In the crisis of existence historical_places At Tingkhang,Dibrugarh
অস্তিত্বৰ সংকটত টিংখাঙৰ ঐতিহাসিক বৰ মেছলৌ,সৰু মেছলৌ মৈদাম
author img

By

Published : Jul 26, 2021, 12:34 PM IST

টিংখাং,26 জুলাই : ৰাজ্য চৰকাৰে ঐতিহাসিক ৰজাদিনীয়া সমল সমূহ সংৰক্ষণৰ কথা কৈ থকা সময়তে খোদ ৰাজ্যৰ পৰ্যটন মন্ত্ৰী বিমল বৰাৰ গৃহ সমষ্টিতেই তথৈবচ অৱস্থা ৷ সংৰক্ষণৰ অভাৱত জৰাজীৰ্ণ ৰূপ লৈছে আহোম ৰাজত্ব কালৰ ঐতিহাসিক কৃতিচিহ্নসমূহে । মৰাণৰ লেঙেৰীত গৰুহৰা গাঁৱত অৱস্থিত দুটাকৈ ঐতিহাসিক মৈদাম হৈছে 'বৰ মেছলৌ' আৰু 'সৰু মেছলৌ' মৈদাম । উপযুক্ত সংৰক্ষণৰ অভাৱত হাবিয়ে-জংঘলে আৱৰি ধৰিছে মৈদাম কেইটা ৷

অস্তিত্বৰ সংকটত টিংখাঙৰ ঐতিহাসিক বৰ মেছলৌ,সৰু মেছলৌ মৈদাম

উল্লেখ্য যে, ইতিহাসবিদৰ পৰা জানিব পৰা মতে আহোম স্বৰ্গদেউ চুখামফা বা খোৰা ৰজাৰ তোলনীয়া পুতেক নাহৰ ৰজাই টিংখাঙৰ লেঙেৰী মৌজাৰ অন্তৰ্গত ন-খাট এলেকাত নতুনকৈ খাট পাতিছিল । নাহৰ ৰজাৰ দুগৰাকী ৰাণী আছিল বৰ মেছলৌ আৰু সৰু মেছলৌ । সেই দুগৰাকী ৰাণীৰ অস্তিত্ব ৰক্ষাৰ উদ্দেশ্যে ৰজাই সাজিছিল বৰ মেছলৌ আৰু সৰু মেছলৌ নামৰ এই দুটা মৈদাম ।

লগতে পঢ়ক : বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্ত তেলেংগানাৰ ৰামাপ্পা মন্দিৰ

কিন্তু ৰাজ্যৰ পৰ্যটন মন্ত্ৰী গৃহ সমষ্টিত থকা এই দুয়োটা মৈদাম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ বাবে মৈদাম দুটা জহি খহি গৈছে বুলি অভিযোগ তুলিছে ৰাইজে । মৈদাম দুটাৰ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত পুঁজিৰ আৱন্টন হৈ আহিছে যদিও সেই পুঁজিৰে মৈদাম দুটা উন্নয়ন কৰা পৰিলক্ষিত হোৱা নাই ।

বিশেষকৈ কোনো এখন চৰকাৰৰ দিনতেই ইতিহাস প্ৰসিদ্ধ এই মৈদাম দুটা সংৰক্ষণৰ ব্যৱস্থা নকৰিলে যদিও স্থানীয় বিধায়ক বিমল বৰাই পৰ্যটন বিভাগৰ মন্ত্ৰীত্ব দায়িত্ব লাভ কৰে ৷ এই দায়িত্ব লাভ কৰাত ঐতিহাসিক মৈদাম কেইটা সংৰক্ষণ হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে ৷ ইতিহাস প্ৰসিদ্ধ এই 'সৰু মেছলৌ' আৰু 'বৰ মেছলৌ' সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ স্থানীয় বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে আহ্বান জনাইছে বিমল বৰাক ৷

লগতে পঢ়ক : নিঃশেষ হোৱাৰ দিশে ঐতিহাসিক নৰাকোঁৱৰৰ মৈদাম

আনহাতে বুৰঞ্জীপ্ৰসিদ্ধ "আঘোণীবাই পুখুৰী’’, ঐতিহাসিক "নাহৰপুখুৰী’’ দুটাও অস্তিত্বৰ সংকটত । বুৰঞ্জী প্ৰসিদ্ধ এইসমূহ ঐতিহাসিক সমলক এক সু-সংগঠিত পৰিকল্পনাৰে সজাই তুলি সৌন্দৰ্য বৰ্ধন কৰিলে সমগ্ৰ অঞ্চলটো এক পৰ্যটন স্থলী হিচাপে গঢ় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।

বিশেষকৈ বিধায়ক বিমল বৰাই পৰ্যটন বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰাৰ পাছতে এই ক্ষেত্ৰত অধিক উৎসাহী হৈ পৰিছে সমষ্টিবাসী । সকলোৰে আশা পৰ্যটন মন্ত্ৰী বিমল বৰাই টিংখাঙৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা আহোম ৰজা দিনীয়া সমলসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ উপযুক্ত ব্যৱস্থা কৰিব ৷ টিংখাঙক এখন পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী স্থানীয় ৰাইজ ।

লগতে পঢ়ক : পুৰাতত্ত্ব বিভাগে পাহৰিলে দিহিঙীয়া ৰজাৰ মৈদামক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.