ETV Bharat / city

ইটিভিৰ বাতৰিৰ পাচতেই ডিপ্লিং চাহ বাগিচাৰ চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ - ডিপ্লিং চাহ বাগিচা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ইটিভিৰ বাতৰিৰ পাচতে ডিপ্লিং চাহ বাগিচাৰ চিকিৎসালয় পৰিদৰ্শন কৰিলে মন্ত্ৰী যোগেন মহনে ৷ অতি শীঘ্ৰে স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি চিকিৎসালয়‌খন মুকলি কৰা হ'ব বুলি মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷

Etv ৰ বাতৰিৰ পাচতেই দ্বীপলিং বাগিচাৰ চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : May 29, 2021, 9:07 PM IST

মৰাণ, 29 মে': ইটিভি ভাৰতত সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ পাচতে ডিপ্লিং চাহ বাগিচাত উপস্থিত হ'ল মন্ত্ৰী যোগেন মহন ৷ জানিব পৰা মতে, মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিপ্লিং চাহ বাগিচাত নিৰ্মাণ কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজি পৰ্যন্ত মুকলি নকৰাক লৈ বাগিচাখনৰ শ্ৰমিকসকলে দীৰ্ঘদিনৰ পৰা অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল ।

মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কাকতিবাৰী তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক সামৰি এখন চিকিৎসালয় নিৰ্মাণ কৰিবলৈ ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক আহ্বান জনাই অহাৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মাহমৰাৰ ডিপ্লিং চাহ বাগিচাত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে । সেই অনুসৰি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাৰ উপস্থিতিত ২০১৯ বৰ্ষৰ ৬ অক্টোবৰত স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰিছিল ।

ইতিমধ্যে এক কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ডিপ্লিং চাহ বাগিচা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল যদিও দুৰ্ভাগ্যজনকভাৱে নিৰ্বাচনৰ আগতেই ৰাইজৰ বাবে মুকলি কৰি দিম বুলি ঘোষণা কৰাৰ পাচতো মুকলি কৰি দিয়া নহ'ল নিৰ্মাণ সম্পূৰ্ণ হোৱা চিকিৎসা কেন্দ্ৰটো ।

এই সম্পৰ্কত দুদিন পূৰ্বে ইটিভি ভাৰতত বিস্তৃতভাৱে বাতৰি প্ৰচাৰ হোৱাৰ পাচতে শনিবাৰে মহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহনে চাহ বাগিচাত নিৰ্মীয়মান অৱস্থাত থকা চিকিৎসালয় খন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি কম দিনতে এই চিকিৎসালয়‌ খন মুকলি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : চিৰাঙৰ বিজনীত ৰাইজে খেদি খেদি ধৰিলে ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.