ETV Bharat / city

মেৰবিলত এদিনৰ আলহী হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

5 জানুৱাৰীত চাচনি-মেৰবিল ইক' টুৰিজম প্ৰকল্প (Sasoni Merbil Eco Tourism Park) লৈ এদিনৰ বাবে আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma will visit Sasoni Merbil eco tourism park) ৷ বুধবাৰে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মন্ত্ৰী বিমল বৰাই প্ৰকল্পটোৰ কাম-কাজৰ বুজ লয় ৷

cm-himanta-biswa-sarma-will-come-to-the-sasoni-merbil-eco-tourism-park
মেৰবিললৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Dec 30, 2021, 11:40 AM IST

মৰাণ, 30 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ মেৰবিলৰ প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি আৰু নৈসৰ্গিক সৌন্দৰ্যই পৰ্যটকক হাত বাউল দি মাতে । শীতৰ এই সময়চোৱাত ইতিহাসেৰে সমৃদ্ধ মনোমোহা মেৰবিলত উপস্থিত হৈছে দেশী-বিদেশী অজস্ৰ পৰিভ্ৰমী চৰাই ।

পৰিভ্ৰমী চৰাইৰ কাকলিত মুখৰিত হৈ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰি পৰিছে মেৰবিলৰ বাকৰি ৷ এই নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ 5 জানুৱাৰীত নাহৰকটীয়া ৰাজহ চক্ৰৰ অধীনষ্ঠ চাচনি মেৰবিল ইক' টুৰিজম প্ৰকল্প (Sasoni Merbil Eco Tourism Park) ত উপস্থিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma will visit Sasoni Merbil Eco Tourism Park) ৷

cm-himanta-biswa-sarma-will-come-to-the-sasoni-merbil-eco-tourism-park
মেৰবিললৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীৰ পূৰ্বে বুধবাৰে মেৰবিলত উপস্থিত হয় ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা (Minister Bimal Borah at Sasoni Merbil Eco Tourism Park) ৷ মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ সকলো কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয় ৷ মন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ প্ৰদান কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, বিশিষ্ট সমাজকৰ্মী তথা চাচনি মেৰবিল ইক' টুৰিজম প্ৰকল্পৰ সঞ্চালক মণি মাণিক গগৈৰ লগতে জিলাখনৰ অন্যান্য বিভাগৰ বিষয়াসকলে ৷

হাজাৰ হাজাৰ বিঘা মাটি সামৰি সৃষ্টি হোৱা মেৰবিলত ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ উৰণ ভংগীমাই সাধাৰণ লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলকো আকৃষ্ট কৰে ৷

লগতে পঢ়ক : সপৰিয়ালে ঋষিকেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.