ETV Bharat / city

অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আছুৰ উদ্যোগত অনুষ্ঠিত হৈছে ভাওনা : শংকৰজ্যোতি বৰুৱা

author img

By

Published : Dec 17, 2021, 2:28 PM IST

আছুৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে নামৰূপত অনুষ্ঠিত কৰা হৈছে ভাওনা সমাৰোহ( AASU organized Bhaona in Namrup) ৷ এই সমাৰোহত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে আছুৰ আন আন বিষয়ববীয়া উপস্থিত থাকে ৷

For the first time AASU organized Bhaona in Namrup
অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আছুৰ উদ্যোগত অনুষ্ঠিত হৈছে ভাওনা : শংকৰজ্যোতি বৰুৱা

মৰাণ, 17 ডিচেম্বৰ : মহাপুৰুষ দুজনাৰ অনুপম সৃষ্টি ভাওনা ৷ এইবাৰ অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত পোনপ্ৰথমবাৰৰ বাবে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অনুষ্ঠিত কৰা হৈছে এখনি ভাওনা সমাৰোহ ৷ বৃহস্পতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই সমাৰোহখনি নামৰূপবাসী ৰাইজৰ সহযোগত নামৰূপত অনুষ্ঠিত হৈছে ৷

বৃহস্পতিবাৰে অৰ্থাৎ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক তচেন ডেকাই সমোৰোহখনিৰ মূল তোৰণ উদ্ধোধন কৰে ৷ তাৰ পাচতেই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি গিৰিণ মহন্তই ৷ লগতে শ্বহীদ তৰ্পন কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে ৷ ইয়াৰোপৰি শ্ৰীবিষ্ণু নামাংকৃত ভাওনা সমাৰোহখনিৰ ক্ষেত্ৰ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনিল গগৈয়ে ৷

ইফালে ভাওনা সমাৰোহ অনুষ্ঠানটি উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই(AASU secratary Sankor Jyoti Baruah at Namrup) ৷ প্ৰথম দিনা অৰ্থাৎ বৃহস্পতিবাৰৰ নাট উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে ৷ এই ভাওনা সমাৰোহখনি উদ্বোধন কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে, অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থতে আছুৰ উদ্যোগত অনুষ্ঠিত হৈছে এই ভাওনা সমাৰোহখনি ।

এই সমাৰোহত সৰ্বমুঠ আঠখন ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ লগতে এই সমাৰোহখনিৰ অন্তিম দিনা আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য , সভাপতি দিপাংকৰ কুমাৰ নাথ উপস্থিত থাকিব বুলি সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই জানিব দিয়ে ৷

লগতে পঢ়ক : Attack on ambulance driver : অভাৰটেক কৰাৰ বাবেই এম্বুলেঞ্চ চালকক প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.