মৰাণ, 21 এপ্ৰিল : চহৰৰ লগতে গ্ৰাম্যঞ্চলৰ লোকৰ দেহতো এতিয়া পোৱা গৈছে ক’ভিড-19 ৰ উপস্থিতি । বিগত তিনিটা দিনত মৰাণৰ খোৱাঙ অঞ্চলত কেইবাজনো লোকৰ দেহত ক'ভিড-19 ৰ উপস্থিতি পোৱা গৈছে ।
আক্ৰান্ত বহু কেইজনক জকাইস্থিত ক'ভিড কেয়াৰ চেণ্টাৰ আৰু দুজন ব্যক্তিক হোম আইছ'লেচনত ৰখা হৈছে ৷ চিকিৎসকে জানিবলৈ দিয়া মতে, শিশু সকলৰ বাহিৰে খোৱাং প্ৰাথমিক স্থাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে অহা প্ৰতিজন ৰোগীকে ক'ভিড পৰীক্ষা কৰোৱা হৈছে ।
মংলবাৰৰ দিনটোত ৫৭ গৰাকী লোকক ক'ভিড পৰীক্ষা কৰা হৈছিল । ইয়াৰে দুজনৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে । উল্লেখযোগ্য যে, দ্ৰুত গতিত বৃদ্ধি পাই অহা ক'ভিডক লৈ সাধাৰণ জনতা মুঠেই সচেতন হোৱা পৰিলক্ষিত হোৱা নাই । চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাক অগ্ৰাহ্য কৰি খোৱাঙত বহু লোকে মাস্ক বিহীন ভাৱে ঘূৰি ফুৰাও দেখিবলৈ পোৱা গৈছে ৷
আনহাতে মৰাণতো তিনিজনৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভৰ ভাইৰাছ । মৰাণ ৰাজ্যিক চিকিৎসালয়ত লোক কেইজনৰ দেহত ধৰা পৰে ক'ভিডৰ উপস্থিতি । ইতিমধ্যে আক্ৰান্ত তিনিওজন ব্যক্তিক হোম আইচ'লেচন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : ধোনীৰ পিতৃ-মাতৃ কৰ'ণাত আক্ৰান্ত