ETV Bharat / city

কৰ’ণাত আক্ৰন্ত হৈ বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ পাটগিৰিৰ মৃত্যু

author img

By

Published : May 22, 2021, 4:31 PM IST

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ পাটগিৰিৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু ৷ শনিবাৰে বিশিষ্ট চিকিৎসকগৰাকীৰ শেষ নিশ্বাস ত্যাগ ৷

কৰ’ণাত আক্ৰন্ত হৈ বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ পাটগিৰিৰ মৃত্যু
কৰ’ণাত আক্ৰন্ত হৈ বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ পাটগিৰিৰ মৃত্যু

ডিব্ৰুগড়, 22 মে' : কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে ৰাজ্যত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তেই এজন চিকিৎসকৰ প্ৰাণ লোৱাৰ ঘটনাই ডিব্ৰুগড়ত শোকৰ ছাঁ পৰিছে ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ পাটগিৰিৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন উপাধক্ষ্য তথা মূৰব্বী অধ্যাপক শিশুৰোগ বিশেষজ্ঞ ডাঃ দিলীপ পাটগিৰিয়ে ক’ভিডত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয় তথা নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছিল ৷ শনিবাৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে শেষ নিশ্বাস ত্য়াগ কৰে ৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাত শুকুৰবাৰলৈকে মুঠ ১১৯ গৰাকীকৈ ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷ জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে ৯৬৮৫ গৰাকী । আনহাতে বৰ্তমানে ৫০০৫ গৰাকীকৈ ব্যক্তিয়ে বিভিন্ন চিকিৎসালয় আৰু হোম আইচলেশ্যনত আছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : মাজুলীৰ জৰাজীৰ্ণ পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.