ETV Bharat / city

চৰাইদেউৰ লাংকুৰী দৌলত দুষ্কৃতিকাৰীয়ে চলালে খনন

author img

By

Published : Aug 25, 2021, 2:20 PM IST

চৰাইদেউৰ লাংকুৰী দৌলত খনন দুষ্কৃতিকাৰীৰ ৷ ৰজাদিনীয়া ধন সোণ বিচাৰি নিশা ঐতিহাসিক দৌলখনত খনন কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ ঘটনাস্থলী পৰিদৰ্শন আৰক্ষীৰ ৷

_Digging at Lankuri Doul by miscreant
লাংকুৰী দৌলত খনন দুষ্কৃতিকাৰীৰ

মৰাণ, 25 আগষ্ট : সংকটত ঐতিহাসিক লাংকুৰী দৌল ৷ দুষ্কৃতিকাৰীৰ চকু এতিয়া চৰাইদেউৰ লাংকুৰী দৌলৰ ওপৰত ৷ আহোমৰ ছশ বছৰীয়া ইতিহাস বহন কৰি অহা ইতিহাস প্ৰসিদ্ধ চৰাইদেউৰ লাংকুৰী দৌলত সোমবাৰে নিশা দুষ্কৃতিকাৰীয়ে চলাই খনন কাৰ্য ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

উল্লেখ্য যে, বুৰঞ্জীত উল্লেখ আছে গোটা দল হিচাপে বিখ্যাত লাংকুৰী দৌলৰ কথা ৷ কোনো দুষ্কৃতিকাৰীয়ে ৰজাদিনীয়া ধন সোণ বিচাৰি ঐতিহাসিক লাংকুৰী দৌলত চলাইছে খনন কাৰ্য ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ দুষ্কৃতিকাৰীৰ এই কৰ্মকাণ্ড দেখি হতচম্বিত এতিয়া প্ৰত্নতত্ব বিভাগো ৷

লাংকুৰী দৌলত খনন দুষ্কৃতিকাৰীৰ

বিখ্যাত লাংকুৰী দৌলত এনেদৰে চোৰাংভাৱে খনন চলাবলৈ কৰা চেষ্টা দেখি অসম প্ৰত্নতত্ব সঞ্চালকালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । এই খবৰ পোৱাৰ লগে লগে লাংকুৰী দৌলত বিভাগৰ বিষয়াবৰ্গ উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ৷ এই সন্দৰ্ভত লগে লগে মথুৰাপুৰ থানাত দাখিল কৰা হয় এক এজাহাৰ ৷

লগতে পঢ়ক: সংৰক্ষণত অৱহেলা: দলনি হ'ল ঐতিহাসিক আঘোণীবাই পুখুৰী

এই এজাহাৰৰ ভিত্তিতে ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান কাৰ্য । প্ৰত্নতত্ব সঞ্চালকালয়ৰ দলটোৱে অনুসন্ধান কৰি অৱগত হয় যে, দুস্কৃতিকাৰীৰ দলটোয়ে কেৱল ভঙা ইটা আৰু মাটিৰ দম খান্দি কিছু ক্ষতিসাধন কৰে ৷ প্ৰত্নতত্ব সঞ্চালকালয়ে অৱগত কৰা অনুসৰি, দুই এদিনৰ ভিতৰতে লাংকুৰী দৌলৰ উক্ত খন্দা অংশটো যথা নিয়মেৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব ।

মন কৰিবলগীয়া যে, ৰজাদিনীয়া ধন সোণৰ সন্ধানত দুষ্কৃতিকাৰীয়ে নিশা আন্ধাৰৰ সুযোগ লৈ দৌলত খনন কাৰ্য চলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে পুৰাতত্ব বিভাগৰ লোকৰ লগতে মথুৰাপুৰ আৰু টেঙাপুখুৰী আৰক্ষীৰ দল ৷

যি সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈডাম ক্ষেত্ৰৰ নাম সন্নিৱিষ্টৰ কৰাৰ বাবে স্থানীয় লোক তথা অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে এনে দুষ্কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক ৷ এনে কাৰ্যৰ বাবে ঐতিহাসিক সমল সমূহ সংৰক্ষণৰ দ্বায়িত্বত থকা পুৰাতত্ব বিভাগকো জগৰীয়া কৰিছে স্থানীয় লোক তথা দল-সংগঠনে ৷

লগতে পঢ়ক: ধ্বংসৰ গৰাহত শিৱসাগৰৰ বহু ঐতিহাসিক দৌল-দেৱালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.