মৰাণ, 2 ডিচেম্বৰ : ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে মঙলবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ৷ পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এই বৈঠকৰ ৷ টিংখাং স্মল টি এণ্ড এগ্ৰ’ প্ৰডিউচাৰ কোম্পানী লিমিটেডে জনোৱা আবেদনৰ ভিত্তিত এই বৈঠকৰ আয়োজন কৰা হয় ৷ ডিব্ৰুগড় জিলাৰ টিংখাং এলেকাৰ প্ৰায় বাৰ হাজাৰতকৈ অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত কেঁচাপাত মৰাত সুবিধা হোৱাকৈ এক কলঘৰ স্থাপনৰ দিশত চৰকাৰী আৰ্থিক সাহাৰ্য লাভ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় ৷
জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, টী বডৰ্ৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত প্ৰথমেই টিংখঙ স্মল টি এণ্ড এগ্ৰ’ প্ৰডিউচাৰ কোম্পানী লিমিটেডে এটা কলঘৰ প্ৰতিষ্ঠাৰ বাবে 5 কোটি টকাৰ পুঁজি প্ৰয়োজন হোৱাৰ বিষয়ে উপস্থিত হোৱা জিলা প্ৰশাসনৰ বিষয়ববীয়াক অৱগত কৰে৷ সভাত কলঘৰ প্ৰতিষ্ঠাৰ বাবে চেছ ইউটিলাইজেশ্যন পলিচীৰ 6 (চি)(এ) নীতি, ইণ্ডাষ্ট্ৰীয়েল পলিচী, এন ই ই ডি এছ আদি আঁচনিৰ অধীনত আৰু তাৰ লগতে টী বৰ্ডৰ তৰফৰ পৰা ৰাজসাহাৰ্য আগবঢ়োৱাৰ কেনেধৰণৰ সুবিধা আছে, সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়৷
জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ আৰু টী বৰ্ডৰ তৰফৰ পৰাও সভাত ব্যাখ্যা আগবঢ়োৱা হয়৷ তথা সভাই চেছ ইউটিলাইজেশ্যন পলিচীৰ অধীনত এনে ধৰণৰ কামৰ বাবে সাহাৰ্য প্ৰদানৰ দিশত ব্যৱস্থা গ্ৰহণৰ বাবে উধ্বৰ্তম কৰ্তৃপক্ষক পৰামৰ্শ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ উক্ত সভাতে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক মাটিৰ পট্টা প্ৰদানৰ দিশত গ্ৰহণ কৰা ব্যৱস্থাৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টাৰ বাবে আবেদন জনোৱাৰ বাবে আগবাঢ়ি আহিবলৈ জিলা উপায়ুক্তই আহ্বান জনায় ।
লগতে পঢ়ক : ভক্তিপৰায়ণ চোৰে লিখি থৈ গ'ল, "I am sorry"