মৰাণ,18 মে': ক'ভিড-19 ৰ ভয়াৱহতাৰ মাজতেই Assam Cancer Care Foundation ৰ অধীনত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্কট ৰোগীসকলৰ বাবে নিৰ্মাণ কৰি থকা হৈছে 182 খন বিচনাযুক্ত এখন কৰ্কট কেয়াৰ হাস্পতাল । উক্ত হাস্পতালখনৰ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ উদ্দেশ্যে সোমবাৰে উপস্থিত হয় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা ৷ উক্ত হাস্পতালখনৰ নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত সোমবাৰে এখনি সভা অনুষ্ঠিত হয় ।
উক্ত সভাখনত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীসকলৰ পৰা উপায়ুক্ত গৰাকীয়ে কামৰ অগ্ৰগতিৰ বুজ লয় ৷ লগতে নিৰ্মাণ কাৰ্যত কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ উপায়ুক্ত গৰাকীয়ে হাস্পতালখনৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰিবলৈ নিৰ্মাণকাৰী সংস্থাটোৰ কৰ্মচাৰীসকলক আহ্বান জনায় ।
সভাত অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোঁহাই, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়া, Assam Cancer Care Foundation ৰ চিকিৎসক আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক- ধুবুৰীত ১৯৪৪ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা