ডিব্ৰুগড়, 7 ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ বুকুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰৰ ব্ৰহ্মপুত্ৰৰ বালিৰ চাপৰিত উদ্ধাৰ হয় মৃতদেহটো । প্ৰাৰম্ভিক তদন্তত মৃতদেহটো চিনাক্ত হোৱা নাছিল যদিও পাচত মৃতদেহটো সুভম সুত্ৰধৰ ৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷
ডিব্ৰুগড় জ্যোতিনগৰৰ সুভম সুত্ৰধৰ নামৰ ২৬ বছৰীয়া যুৱকজন যোৱা ২৮ জানুৱাৰীৰ সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল । কিন্তু ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত যুৱক জনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে চহৰখনত । কিয় আৰু কেনেকৈ যুৱকজনৰ মৃত্যু হ'ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । মৰণোত্তৰ পৰীক্ষাৰ পাচতে পোহৰলৈ আহিব প্ৰকৃত কাৰণ ৷