ETV Bharat / city

কা বাতিল আৰু মূল্য বৃদ্ধিৰ প্ৰতিবাদত মৰাণত জোঁৰ সমদল - কা বাতিল আৰু মূল্য বৃদ্ধিৰ প্ৰতিবাদ

মৰাণত জোঁৰ সমদলৰ নেতৃত্ব দি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা পলাশ চাংমাইৰ ৷

কা বাতিল আৰু মূল্য বৃদ্ধিৰ প্ৰতিবাদত মৰাণত জোঁৰ সমদল

author img

By

Published : Sep 23, 2020, 5:07 AM IST

মৰাণ, 23 ছেপ্টেম্বৰ : সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত আৰু অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে সন্ধিয়া মৰাণত চৰাইদেউ মহকুমা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে এক জোঁৰ সমদল বাহিৰ কৰে । মৰাণৰ শিৱমন্দিৰ সমীপৰ পৰা উলিওৱা এই জোঁৰ সমদলত দুয়োটা সংগঠনৰ কৰ্ম কৰ্তাৰ লগতে মৰাণ নগৰৰ বহু লোকে হাতে হাতে জোঁৰ লৈ 'কা' বাতিল কৰা আৰু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি মৰাণৰ ৰাজপথ উত্তাল কৰি তোলে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই

এই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় অত্যধিক মুল্য বৃদ্ধিয়ে অসমৰ ৰাইজক কোঙা কৰি পেলাইছে । বজাৰত বৰ্তমান কি চলি আছে অসমৰ যোগান মন্ত্ৰীয়ে নাজানে । তেওঁ লগতে কয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিপৰীতে অসমৰ কৃষকে উৎপাদন কৰা সামগ্ৰী বিলাকৰ প্ৰকৃত মূল্য নাপায় । ৰাজ্যৰ বাহিৰৰ পৰা অহা যুৱক যুৱতী সকল কৰ্মহীন হৈ পৰিছে । তেওঁলোকক চৰকাৰে সংস্থাপন দিব পৰা নাই ।

সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মানিক গগৈ

তেওঁ কয়, চৰকাৰে আঁ‌চনি বহুত লৈছে, কিন্তু আঁ‌চনিৰ সুফল প্ৰকৃত মানুহে পোৱা নাই । আজি এই জোঁৰ সমদল কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মানিক গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি ৰঞ্জিত চাংমাই, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দিগন্ত গগৈকে ধৰি দুয়োটা সংগঠনৰ কেইবাজনো বিষয় ববীয়া উপস্থিত থাকি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ।

লগতে পঢ়ক : আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.