ETV Bharat / city

অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আই (এম)ৰ বিক্ষোভ - নৰেন্দ্ৰ মোডী

খাদ্য সমগ্ৰী ৰন্ধন গেছ লগতে ইন্ধনজাত সমগ্ৰী আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাহৰকটীয়াত চি পি আই (এম) ৰ বিক্ষোভ কাৰ্যসূচী ৷

CPI(M) Protest at Dibrugarh Dist against Price Hike

author img

By

Published : Jul 2, 2020, 4:44 AM IST

Updated : Jul 2, 2020, 7:31 AM IST

নাহৰকটীয়া, 2 জুলাইঃ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত স্থিতিত আজি নৰেন্দ্ৰ মোডীৰ চৰকাৰ ৷ সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়াটো পেট্ৰ'লজাত সামগ্ৰী, ৰন্ধন গেছ সহ সৰ্বপ্ৰকাৰ খাদ্য আৰু ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য আকাংশলংঘী ৷ সৰ্বসাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ আওতাৰ ভিতৰলৈ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত বুধবাৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ডিব্ৰুগড় জিলা সমিতিয়ে আনলক্ ৰ নীতি নিৰ্দেশনা মানি সাব্যস্ত কৰে এক তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী ।

অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আই (এম) ৰ বিক্ষোভ

এই প্ৰতিবাদত প্ৰায় ২০ জন দলীয় কৰ্মী উপস্থিত থাকি ইনক্লাব জিন্দাবাদ,পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক, পেট্ৰ'ল, ডিজেলৰ মূল্য ক্ৰয় ক্ষমতাৰ আওতালৈ হ্ৰাস কৰক, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক, খাদ্য সামগ্ৰীকে ধৰি প্ৰতিবিধ ব্যৱহাৰ্য বস্তুৰ মূল্য বৃদ্ধি ৰোধ কৰক, পৰিবহন ব্যয় আৰু যাত্ৰী ভাড়া বৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তুলে নাহৰকটীয়াৰ পৰিৱেশ ।

এই আন্দোলনত নেতৃত্ব প্ৰদান কৰি চি পি আই (এম) ৰ ডিব্ৰুগড় জিলাৰ সম্পাদক সুৰেশ চন্দ্ৰ ডেকাই নিজৰ বক্তব্যত উল্লেখ কৰে যে,আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) য়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছো নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি দলৰ শাসন প্ৰৱৰ্তনৰ সময়ৰ পৰা পেট্ৰ'লজাত সামগ্ৰী যেনে-পেট্ৰ'ল,ডিজেল, কেৰাচিন তেল সহ ৰন্ধন গেছৰ দাম প্ৰায় প্ৰতি দিন আৰু প্ৰতিমাহে সাংঘাটিক ধৰেণেৰে বৃদ্ধি পাইছে ।

তেওঁ লগতে কয় যে, ‘‘এতিয়া নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত স্থিতিত বৰ্তমান নৰেন্দ্ৰ মোডীৰ চৰকাৰ’’। ফলত মানুহৰ ব্যৱহাৰ্য আত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰ অস্বাভাৱিক গতিত মূল্য বৃদ্ধি হৈছে আৰু সৰ্বসাধাৰণ মানুহৰ জীৱন ধাৰণ কৰাটোৱে সমস্যা হৈ পৰিছে বুলি চি পি আই (এম) ডিব্ৰুগড় জিলাৰ সম্পাদক জনে উল্লেখ কৰে ।

ক'ৰণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ সময়ৰে পৰা যি সময়ত সমগ্ৰ বিশ্বত পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য সৰ্বকালৰ ভিতৰতে নিম্নগামী হৈছে সেই সময়ত আমাৰ দেশ ভাৰতবৰ্ষত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে পেট্ৰ'লজাত সামগ্ৰীৰ সৰ্বাধিক মূল্য বৃদ্ধি কৰি ৰেকৰ্ড সৃষ্টি কৰিবলৈ যোৱাটো অত্যন্ত পৰিতাপৰ বিষয় বুলি কয় ।

ইয়াৰ ফলত পৰিবহণ ব্যয় অত্যন্ত বাঢ়ি গৈছে আৰু পৰিণতিত মানুহৰ ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰীৰ আকশলংঘী মূল্য বৃদ্ধি হৈছে আৰু সৰ্বসাধাৰণ মানুহ অৰ্থনৈতিক দিশত অতিশয় জুৰুলা অৱস্থালৈ গতি কৰিবলগা হৈছে ।

তেওঁ এই মূল্যবৃদ্ধিৰ ওপৰত নিজৰ মত পোষণ কৰি কয় যে, পেট্ৰ'লজাত সামগ্ৰীৰ ভয়াবহ ভাৱে মূল্য বৃদ্ধি কৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ এই কাৰ্যক আমি জনবিৰোধী কাৰ্য হিচাবে অভিহিত কৰিব বিচাৰিছো লগতে দেশৰ জনসাধাৰণক মূল্যবৃদ্ধিৰ জৰিয়তে কোঙা কৰিব বিচৰা এই জনবিৰোধী সিদ্ধান্ত তৎকালীনভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাই জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ আওতাৰ ভিতৰত পেট্ৰ'লজাত সামগ্ৰীৰ নিৰ্দ্ধাৰণ আৰু নিয়ন্ত্ৰণ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ।

এই আন্দোলনৰ অন্তত তিনিগৰাকী প্ৰতিবাদকাৰীয়ে নাহৰকটীয়া ৰাজহ চক্ৰবিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে চাওক-ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে সহায়ক

Last Updated : Jul 2, 2020, 7:31 AM IST

For All Latest Updates

TAGGED:

CPIM PROTEST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.