ETV Bharat / city

এইবাৰ দুলীয়াজান OILৰ চিকিৎসালয়ত নিযুক্তি কেলেংকাৰী - অইল ইণ্ডিয়া লিমিটেড

অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী কোনো নতুন কথা নহয় ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক নিযুক্তিৰ কেলেংকাৰী ৷ দুলীয়াজান OILৰ চিকিৎসালয়ত নিযুক্তিত ব্যাপক স্বজন-তোষণৰ অভিযোগ উত্থাপিত হৈছে (Corruption in recruitment of Duliajan Oil India Hospital) ৷

Corruption in recruitment of Duliajan Oil India Hospital in Dibrugarh
এইবাৰ দুলীয়াজান OILৰ চিকিৎসালয়ত নিযুক্তিত কেলেংকাৰী
author img

By

Published : Sep 15, 2022, 10:22 PM IST

ডিব্ৰুগড়, 15 ছেপ্টেম্বৰ: অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী- এয়া কোনো নতুন কথা নহয় ৷ অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ (Assam Direct Recruitment 2022) পৰা আদি কৰি লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়ালৈ সকলোতে কেলেংকাৰীৰ অভিযোগ উঠিছে (Lakhimpur Medical College recruitment scam) ৷

তাৰ মাজতেই শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক নিযুক্তিৰ কেলেংকাৰী ৷ দুলীয়াজান OILৰ চিকিৎসালয়ত নিযুক্তিত ব্যাপক স্বজন-তোষণৰ অভিযোগ উত্থাপিত হৈছে (Corruption in recruitment of Duliajan Oil India Hospital) ৷ ঠিকাভিত্তিক কৰ্মচাৰীৰ নিযুক্তিত নিয়ম বহিৰ্ভূতভাবে বিজেপিৰ নেতা-কৰ্মীক সংস্থাপনৰ অভিযোগ দল সংগঠনৰ ৷

এইবাৰ দুলীয়াজান OILৰ চিকিৎসালয়ত নিযুক্তিত কেলেংকাৰী

আনকি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ (Union Minister Rameshwar Teli) আত্মীয়ই চাকৰি লাভ কৰাৰ অভিযোগো উত্থাপন হৈছে ৷ আটাছুৱে বাৰম্বাৰ এই বিষয়সমূহ অইল ইণ্ডিয়া লিমিটেডৰ (Oil India Limited) কৰ্তৃপক্ষক অৱগত কৰি তদন্তৰ দাবী জনাই অহাৰ পিছতো আজি পৰ্যন্ত কোনোধৰণৰ তদন্ত নকৰি অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষ মৌন হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ।

Corruption in recruitment of Duliajan Oil India Hospital in Dibrugarh
এইবাৰ দুলীয়াজান OILৰ চিকিৎসালয়ত নিযুক্তিত কেলেংকাৰী

আনকি বিজেপিৰ পঞ্চায়ত সদস্যয়ো ঠিকাভিত্তিক নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে অইল ইণ্ডিয়া চিকিৎসালয়ৰ ঠিকাভিত্তিক কৰ্মী নিযুক্তিৰ বাবে REFMA নামৰ প্ৰতিষ্ঠানটোৱে নিবিদা লাভ কৰিছিল । কিন্তু যোগ্যতাৰ ভিত্তিত স্থানীয় নিবনুৱা নিযুক্তিৰ ব্যৱস্থা নকৰি ৰাজনৈতিক আশীৰ্বাদত একাংশ লোকক বক্ৰপথেৰে নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপিত কৰিছে আটাছুকে ধৰি দল-সংগঠন সমূহে ।

তদুপৰি এগৰাকী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৱাৰ্ড মেম্বাৰে কেনেকৈ পদত্যাগ নকৰাকৈ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ল সেয়াও ৰহস্যৰ বিষয় । এই সমগ্ৰ ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডে তৎকালিনভাৱে তদন্ত কৰি REFMA নামৰ প্ৰতিষ্ঠানটোৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে আটাছুৱে ৷ সম্প্ৰতি এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: জনজাতিকৰণৰ বাবে তীব্ৰ আন্দোলনৰ আহ্বান আখিল গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.