ETV Bharat / city

বিদ্যালয় মেৰামতিৰ নামত ব্যাপক অনিয়ম খোৱাং চেচুঘাটত!

author img

By

Published : Mar 16, 2020, 1:46 PM IST

খোৱাং চেচুঘাট শিলপুটা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয়ত পুনৰ মেৰামতিৰ নামত অনিয়মৰ অভিযোগ ৷ বিদ্যালয় পৰিদৰ্শকৰ দায়িত্বত থকা বিদ্যালয়তে সংঘটিত হৈছে অনিয়মৰ ঘটনা ৷

Corruption allegation for the name of construction at Moran
খোৱাং চেচুঘাট শিলপুটা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয়ত মেৰামতিৰ নামত অনিয়মৰ অভিযোগ

মৰাণ,16 মাৰ্চ: ডিব্ৰুগড় জিলা বিদ্যালয় পৰিদৰ্শক কাৰ্যালয়ৰ অন্তৰ্গত খোৱাং চেচুঘাট শিলপুটা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয়ত মেৰামতিৰ নামত ব্যাপক অনিয়ম । প্ৰাপ্ত অভিযোগ অনুসৰি জৰাজীৰ্ণ হৈ পৰা বিদ্যালয়খনৰ পুনৰ মেৰামতিৰ বাবে শিক্ষা বিভাগৰ পৰা আহিছিল প্ৰায় 8 লাখ 74 হাজাৰ টকা ৷ কিন্তু ঠিকাদাৰে সামান্যতম কাম কৰিয়েই সকলো ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।যিটো বিষয়ক লৈ বিদ্যালয়খনৰ শিক্ষক সমাজৰ লগতে জাঙুৰ খাই উঠিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

বিদ্যালয় মেৰামতিৰ নামত ব্যাপক অনিয়ম খোৱাং চেচুঘাটত!

অঞ্চলটোৰ একাংশ ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি বিদ্যালয়খনৰ অৱস্থা তেনেই তথৈবচ । বিদ্যালয়খনৰ টিন সমূহ মামৰে ধৰি ফুটিবলৈ আৰম্ভ কৰিছে । যাৰ ফলত বৰষুণ দিলেই পানী পৰিবলৈ ধৰে বিদ্যালয়খনত। কিন্তু ঠিকাদাৰে টিন সমূহ সলনি নকৰি ফুটা টিন সমূহৰ তলতে চিলিং মাৰি দায়িত্ব সামৰিছে । ইফালে কিছুমান ৱালত প্লাষ্টাৰ নামাৰি কেৱল ৰং দি পাল মাৰিছে । টিউবেল বৰিঙৰ নামত এক বুজন পৰিমাণৰ ধনৰ বিল আদায় কৰিছে যদিও কোনো নতুন টিউবল বৰিং কৰা নাই বিদ্যালয়খনত । পুৰণা টিউবেলতে নতুন মটৰ স্থাপন কৰিছে। মুঠৰ ওপৰত ঠিকাদাৰে এক প্ৰকাৰৰ ধন আত্মসাৎৰ অভিসন্ধি ৰচিছে । ঠিকাদাৰৰ এই কাণ্ডত এতিয়া হাত উজান দিছে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক আৰু সভাপতিগৰাকীয়েও ।এই বিদ্যালয়খনত কেইবাবছৰ ধৰি প্ৰধান শিক্ষক নথকাত বিদ্যালয় পৰিদৰ্শক দিপিকা চৌধুৰী নামৰ বিষয়াগৰাকীয়ে বিদ্যালয়ৰ সকলো দায়িত্ব পালন কৰি থকাৰ পাছতো অনিয়ম সংঘটিত হোৱা বিষয়টোৱে বহুতকে হতচকিত কৰিছে । ৰাইজে জানিবলৈ দিয়া মতে ঠিকাদাৰৰ বিল সমূহত কোনো ধৰণৰ চিন্তা চৰ্চা নকৰাকৈয়ে সভাপতি আৰু সম্পাদকগৰাকীয়ে চহী কৰি দিয়ে ।

ইফালে এই সমগ্ৰ অনিয়মৰ সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শক গৰাকীক অৱগত কৰা হৈছে যদিও পৰিদৰ্শক গৰাকীয়ে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ঠিকাদাৰৰ সপক্ষতহে যুক্তি দৰ্শাই বুলি ৰাইজে জানিবলৈ দিছে। স্বয়ং পৰিদৰ্শকগৰাকীয়ে ঠিকাদাৰৰ পক্ষ লোৱাত দিশহাৰা হৈ পৰিছে শিক্ষক সমাজৰ লগতে স্থানীয় ৰাইজ। উপায়ন্তৰ হৈ ৰাইজে সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যালয়খনত হোৱা অনিয়ম সন্দৰ্ভত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে ।

কৰ’ণা ভাইৰাছকলৈ তৎপৰ শিঙিমাৰি আদৰ্শ চিকিৎসালয়

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.