ETV Bharat / city

তুলসী খনিকৰৰ একমাত্ৰ পুত্ৰক চাকৰি দিয়া হ’ব : সোণোৱাল

author img

By

Published : Apr 10, 2021, 6:19 PM IST

নিবাৰ্চনৰ কৰ্তব্য পালনৰ সময়ত মৃত্যু সাৱটি লোৱা মৰাণৰ তুলসী খনিকৰৰ ঘৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ খনিকৰ পৰিয়ালক এটা চাকৰি প্ৰদানৰ আশ্বাস মুখ্য়মন্ত্ৰীগৰাকীৰ ৷

তুলসী খনিকৰৰ একমাত্ৰ পুত্ৰক চাকৰি দিয়া হ’ব : সোণোৱাল
তুলসী খনিকৰৰ একমাত্ৰ পুত্ৰক চাকৰি দিয়া হ’ব : সোণোৱাল

ডিব্ৰুগড়, 10 এপ্ৰিল : ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকাৰ সময়ত আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা তুলসী খনিকৰৰ ঘৰত শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় ৷ ১০৬ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৪৭ নং শালকাঠনি বাগিচা প্ৰাথমিক বিদ্যালয়ত ভোট গ্ৰহণ চলি থকাৰ সময়তে আকস্মিকভাৱে মৃত্যু হোৱা হাজোৱা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, মৰাণৰ সেউজপুৰ নিৱাসী প্ৰয়াত তুলসী খনিকৰৰ পৰিয়ালৰৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ খনিকৰৰ দুৰ্ভগীয়া পৰিয়ালটোৰ লগত মত বিনিময় কৰাৰ লগতে পৰৱৰ্তী সময়ত খনিকৰৰ একমাত্ৰ পুত্ৰক এটা চাকৰি প্ৰদানৰ আশ্বাস দিয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱাই মৃত খনিকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে, ৰাজ্যিক নিৰ্বাচন আয়োগে মৃত খনিকৰৰ পৰিয়ালক এককালীন সাহাৰ্য হিচাবে 15 লাখ টকা প্ৰদান কৰে ৷

লগতে পঢ়ক :নগাঁৱত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.