ETV Bharat / city

অসমত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নোহোৱা পৰিবেশ সৃষ্টি কৰিব লাগিব : মুখ্যমন্ত্ৰী

author img

By

Published : Jan 3, 2022, 6:14 PM IST

আৰক্ষী অধীক্ষকৰ সন্মিলনত (SP's conference in Dibdrugarh) আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, অসমত কোনো ব্যক্তিৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নোহোৱা পৰিবেশ সৃষ্টি কৰিব লাগিব (Himanta Biswa Sarma on PSO) ৷ ৰাজ্যৰ ৩৪ খন জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াসহ 94 গৰাকী আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ৷

CM Himanta Biswa Sarma
আৰক্ষী অধীক্ষকৰ সন্মিলন

মৰাণ, 3 ডিচেম্বৰ : অসম আৰক্ষীক অধিক সক্ৰিয়, জনমুখী কৰাৰ উদ্দেশ্যে দুলীয়াজানত অনুষ্ঠিত হৈছে আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন (SP's conference in Dibdrugarh)। ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা প্ৰক্ৰিয়াৰ পৰা ওলাই আহি আৰক্ষী বিভাগত পৰ্যাপ্ত মানৱ সম্পদ নিয়োগ কৰি প্ৰকৃতাৰ্থত বিভাগটোক শক্তিশালী কৰাৰ সংকল্প ল'বলৈ সকলো আৰক্ষী বিষয়াক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma on PSO) ৷ লগতে ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা সংস্কৃতিৰ পৰা ওলাই আহি সক্ৰিয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ যোগেদি সমাজলৈ অহা সকলো ভাবুকি আৰক্ষীয়ে ৰাইজৰ সহযোগিতাৰে প্ৰতিহত কৰিব লাগিব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ।

SP's conference in Dibdrugarh
আৰক্ষী অধীক্ষকৰ সন্মিলন

তৈল নগৰী দুলীয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে যে, ‘‘ৰাজ্যখনত আইন-শৃংখলা উন্নীতকৰণেৰে অহা ২-৩ বছৰত আমি এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব য'ত আদৰ্শগতভাৱে অসমত কোনো ব্যক্তিৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নহয়’’ ৷ আৰক্ষী সঞ্চালক প্ৰধানক অহা ১০ মে'ৰ ভিতৰত অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া(Recruitment in Assam police) সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

SP's conference in Dibdrugarh
আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন

উল্লেখ্য যে, অসম আৰক্ষীত সংস্কাৰ সাধনৰ লক্ষ্যৰে দুদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ দ্বিতীয়খন সন্মিলন ৷ এই সন্মিলনত ৰাজ্যখনৰ ৩৪ খন জিলাক প্ৰতিনিধিত্ব কৰা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াকে ধৰি প্ৰায় ৯৪ গৰাকী আৰক্ষী বিষয়াই অংশ গ্ৰহণ কৰিছে ।

SP's conference in Dibdrugarh
আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলনl মুখ্যমন্ত্ৰী

যোৱা জুন মাহত কাজিৰঙাত আৰক্ষী অধীক্ষকসকলৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হোৱাৰ পাছত সোমবাৰে দ্বিতীয়খন সন্মিলনত আৰক্ষী বিভাগক লৈ নতুন পৰিকল্পনা আৰু নতুন নিদৰ্শনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে (Himanta Biswa Sarma in SP's conference)। আৰক্ষীক জনতাৰ কাষত সদায়েই থিয় দিয়াৰ সমান্তৰালভাৱে শূন্য সহনশীল নীতিৰে সকলো অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । অপৰাধীৰ পৰিৱৰ্তনশীল অপৰাধসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষীয়ে অত্যাধুনিক প্ৰযুক্তিৰ অভিযোজন কৰাৰ নিদেৰ্শ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

SP's conference in Dibdrugarh
আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন

সন্মিলনৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰীত্ৰয় অতুল বৰা, বিমল বৰা আৰু সঞ্জয় কিষাণ, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জি অ চি ৪-কৰ্পছ লেঃ জেঃ ৰবীন খোশলা, এ অ’ চি (ভাৰপ্ৰাপ্ত) এয়াৰ মাৰ্শ্বাল ডি কে পাটনায়ক, অইলৰ মুখ্য পৰিচালন সঞ্চালক এছ চি মিশ্ৰ আৰু অইলৰ আৱাসিক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকটকীকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.