ETV Bharat / city

সামৰণি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ ভাওনা সমাৰোহ

author img

By

Published : Dec 21, 2021, 3:24 PM IST

সামৰণি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ আধ্যাত্মিক আন্দোলনৰ অংশস্বৰূপ ভাওনা সমাৰোহ(Closing Ceremony of Bhaona Samaroh organized by AASU) ৷ সোমবাৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত আছুৰ বিষয়ববীয়াৰ লগতে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামীও উপস্থিত থাকে ৷

closing-ceremony-of-bhaona-samaroh-organized-by-AASU-at-Namrup
সামৰণি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ ভাওনা সমাৰোহ

মৰাণ, 21 ডিচেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি ভাওনা (Bhaona incredicble creation of Mahapurush Sankardeva) ৷ এইবাৰ অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত পোন প্ৰথমবাৰৰ বাবে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অনুষ্ঠিত কৰিছে এখনি ভাওনা সমাৰোহ ৷ চলিত বৰ্ষৰ 16 ডিচেম্বৰ তাৰিখৰ পৰা আয়োজন কৰা এই ভাওনা সমাৰোহখন বিগত 20 ডিচেম্বৰ তাৰিখে সুকলমে সামৰণি পৰে(Closing Ceremony of Bhaona Samaroh Organized by AASU at Namrup) ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ভাওনা সমাৰোহখনি নামৰূপত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু নামৰূপবাসী ৰাইজৰ সহযোগত নামৰূপৰ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হৈছিল ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ভাওনা সমাৰোহখনত অসমৰ বিভিন্ন অঞ্চলৰ সৰ্বমুঠ আঠখন ভাওনা প্ৰদৰ্শন হয় ।

আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহ(AASU organized Bhaona in Namrup)ত সদৌ অসম ভিত্তিত অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাত ''শিৰোমণি সমন্বয় সাংস্কৃতিক গোষ্ঠী দুলীয়াজান(সোণাপুৰ)য়ে প্ৰথম স্থান দখল কৰে ৷ সোমবাৰে অনুষ্ঠিত হোৱা এই সমাৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা আধ্যাত্মিক আলোচনা চক্ৰ আৰু বঁটা বিতৰণী অনুষ্ঠানত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য(Samujjal Bhattacharyya at Namrup), সভাপতি দিপাংক কুমাৰ নাথৰ লগতে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকে(AASU secratary Sankor Jyoti Baruah at Namrup) ৷

এই সামৰণি অনুষ্ঠানত উপস্থিত থাকি আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামীয়ে কয় যে, ‘আধ্যাত্মিক চিন্তা ধাৰাই আমাৰ সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখে ৷ লগতে ভাওনাক আধ্যাত্মিকতাৰ এক অন্যতম শক্তিশালী মাধ্যম বুলিও উল্লেখ কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷ লগতে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা তথা নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আৰু উদযাপন সমিতিয়ে ভাওনা সমাৰোহখন সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাইজে কৰা সহযোগিতাৰ শলাগ লয় ৷

ইয়াৰোপৰি সদৌ অসম ছাত্ৰ সন্থাৰ আধ্যাত্মিক আন্দোলনৰ অংশস্বৰূপে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নামৰূপত আয়োজন কৰা এই ভাওনা সমাৰোহখনত নামৰূপৰ লগতে দাঁতিকাষৰীয়া লোকৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক : Awareness campaign against drugs : চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.