ডিব্ৰুগড়, 23 ফেব্ৰুৱাৰী : ফাগুনক লৈ কোনোজনে যদি কবিতা ৰচিছে, কোনোজনে আকৌ আনন্দত আপোন পাহৰা হৈ পৰিছে ৷ এনে সীমাহীন মাদকতাৰ মাজেৰে এইবাৰো আহিল ফাগুন; কিন্তু ডিব্ৰুগড়ৰ এটা পৰিয়ালৰ বাবে ফাগুন হৈ আহিল অভিশাপ ৰূপে ৷ এক মৰ্মান্তিক খবৰ আহিল ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ পৰা ৷
ফাগুনৰ বাউলী বাই অভিশপ্ত কৰিলে এটি পৰিয়ালৰ আশা-ভৰষা ৷ ফাগুনৰ বতাহত সমনীয়াৰ সৈতে চিলা উৰুৱাই থকা অৱস্থাতে চাদৰ পৰা সৰি পৰি প্ৰাণ হেৰুৱালে এটি শিশুৱে ৷ নিৰজ প্ৰসাদ নামৰ এটি 10 বছৰীয়া শিশুৰ প্ৰাণ বায়ু কাঢ়ি নিলে বলীয়া ফাগুনৰ বতাহে ৷
চাদৰ পৰা পৰা শিশুটিক সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও ডাক্তৰে মৃত ঘোষণা কৰে । ডিব্ৰুগড় চহৰৰ এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলতে ৷
এই ঘটনাৰ পাচতে চিলা উৰুৱাই আনন্দ কৰিব বিচৰা শিশুৰ অভিভাৱকৰ লগতে আন দহ জনকো আনন্দ-উলাহৰ মাজতে সজাগ হ'বলৈ শিকাই গ'ল ৷
লগতে পঢ়ক : আজি অস্ত্ৰ সম্বৰণ কৰিব উগ্ৰপন্থী নেতা সংবিজিতে