ETV Bharat / city

টিংখাঙৰ বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Mar 17, 2021, 10:53 PM IST

টিংখাঙৰ বিশাল নিৰ্বাচনী সভাত মুখ্য মন্ত্ৰী সোণোৱাল । বিমল বৰাক গামোচা পিন্ধাই বিজয়ৰ চিন দিলে মুখ্যমন্ত্ৰীয়ে । বদৰউদ্দিন আজমল আৰু কংগ্ৰেছ অসমৰ মহাশত্ৰু - সোণোৱাল ।

টিংখাঙৰ বিশাল নিৰ্বাচনী সভাত মুখ্য মন্ত্ৰী সোণোৱাল

টিংখাং,17 মাৰ্চঃ কংগ্ৰেছে আজমলৰ এআইইউডিএফৰ সৈতে মিত্ৰতা স্থাপন কৰিছে । আজমলৰ লক্ষ্য অসমত অবৈধ বিদেশী স্থাপন কৰা । অসমত অবৈধ বিদেশী স্থাপন কৰি শাসনৰ বাঘজৰী ল’বলৈ বদৰুদ্দিন আজমলে আৰু কংগ্ৰেছ অসমৰ মহাশত্ৰু, এই শত্ৰুক পৰাভূত কৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । বিমল বৰাই প্ৰথম গৰাকী বিধায়ক, যিগৰাকী বিধায়কে জন সাধাৰণে দিয়া সন্মানৰ চিনস্বৰূপে কৃতজ্ঞতা সভা অনুষ্ঠিত কৰিছিল ।

বুধবাৰে টিংখাঙৰ লেঙেৰীৰ ঘুটুংচিগাত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি বিমল বৰাৰ কৰ্মদক্ষতাৰ শলাগ লয় ৷ সভাত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজৰ পৰা পুনৰ বিমল বৰাক বিপুল ভোটত জয়ী কৰাই মৰ্যাদা সহকাৰে অসম বিধানসভালৈ পঠাব লাগিব বুলি ৰাইজৰ পৰা প্ৰতিশ্ৰুতি বিচাৰে । মুখ্যমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই দহ সহস্ৰাধিকতকৈ অধিক লোকে হাত চাপৰি আৰু বিমল বৰা জিন্দাবাদ ধ্বনি দি সঁহাৰি জনোৱাত ৰাইজৰ প্ৰতিশ্ৰুতি ঈশ্বৰৰ আৰ্শীবাদ বুলি কৈ মুখ্যমন্ত্ৰীয়ে বিমল বৰাৰ ডিঙিত এখন গামোচা পিন্ধাই গামোচাখনেই বিজয়ৰ চিন বুলি কয় সোণোৱালে ৷

লগতে পঢ়কঃ টিংখাং-বিহালী-তিতাবৰলৈ পুনৰ আহিব জে পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.