ETV Bharat / city

ডিব্ৰুগড়ত ভয়াবহ খহনীয়া, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6টা বাসগৃহ

author img

By

Published : Jun 19, 2020, 4:25 AM IST

ডিব্ৰুগড়ত ভয়াবহ খহনীয়া,পাঁচ মিনিটৰ ভিতৰতে চহৰৰ কাষৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় 6 টাকৈ আবাস গৃহ। চহৰলৈ আহিছে ভয়াৱহতা ৷

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6টা বাসগৃহ
ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6টা বাসগৃহ

ডিব্ৰুগড়, 19 জুন : ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা মোহনাঘাটত নিশা সংঘটিত হয় ভয়াৱহ খহনীয়া । পলকতে বৰলুইতৰ বুকুত জাহ যায় 6 টাকৈ আবাসগৃহ । চহৰৰ সুৰক্ষা বান্ধৰ কাষতে বৰলুইতে খহাই নিলে বৃহৎ ভূমিসহ আবাসগৃহ কেইটা ।

যাৰ ফলত ঐতিহাসিক চহৰখনলৈ ভাবুকি বাঢ়ি আহিছে । চহৰৰ সুৰক্ষাৰ বাবে থকা শক্তিশালী মথাউৰিৰ কাষ পাবলৈ কেইমিটাৰমান বাকী ৰৈছে খহনীয়া আৰম্ভ কৰা বৰলুইতৰ জলপৃষ্ঠ । ইতিমধ্যে তিনিখন গাড়ীৰে অনা হৈছে পাৰ্কুপাইন । উৰে নিশা চলি থাকে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা । পুনৰ পুৱাৰ ভাগত জিঅ' বেগসহ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা কৰা হ'ব । ইতিমধ্যে খহনীয়াস্থলীত উপস্থিত হৈছে স্থানীয় বিধায়ক প্ৰশান্ত ফুকনসহ জলসম্পদ বিভাগৰ লোকৰ সৈতে সমাজ সচেতন ব্যক্তি, চিকিৎসক ভাস্কৰ পাপুকন গগৈ । ইফালে সৰ্বশ্ৰান্ত হোৱা পৰিয়ালকেইটাক মথাউৰিত আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে ।

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6টা বাসগৃহ

উল্লেখ যে 180 বছৰ পুৰণি ঐতিহাসিক ডিব্ৰুগড় চহৰৰ প্ৰতি এই খহনীয়াই প্ৰবল ভাবুকি কঢ়িয়াই আনিছে । স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে এই খহনীয়াত চহৰখন জাহ যোৱাৰ উপক্ৰম ঘটাৰ নিশ্চিত ইংগিত বহন কৰিছে এই খহনীয়াই ।

লগতে পঢ়কঃ জলসম্পদ বিভাগৰ গাঁফিলতিৰ ফলত মথাউৰিলৈ অহিছে ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.