ETV Bharat / city

বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

author img

By

Published : Nov 17, 2021, 6:32 PM IST

ডিব্ৰুগড়ত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৭০ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷ বড়ো ভাষা সাহিত্য সমৃদ্ধিশালী কৰাৰ উদ্দেশ্যে মুকলি সভাত বিশিষ্ট সাহিত্যিক, শিক্ষাবিদে গুৰুত্বপূৰ্ণ উপদেশ আগবঢ়ায় ৷

Bodo Sahitya Sabha Foundation Day celebrate at dibrugarh
বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস সফল সামৰণি

মৰাণ, 17 নৱেম্বৰ : ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চল বকপৰা ৰাজহুৱা প্ৰেক্ষাগৃহত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হয় ৭০ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস । পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপন কাৰ্যসূচীৰে অনুষ্ঠানৰ শোভাৰম্ভণি কৰা হয় ৷ ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰম্পৰাগত খেল- ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা, মহিলাৰ ৰচী টনা আদি খেল ধেমালি অনুষ্ঠিত কৰা হয় ।

বিয়লি বড়ো মহিলাসকলৰ বাগৰুম্বা নৃত্যৰে মুকলি সভাৰ মঞ্চ উদ্বোধন কৰা হয় । মুকলি সভাত বড়ো সাহিত্য সভাৰ কেইবাজনো বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, চিকিৎসকৰ লগতে বড়ো স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্যৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক : গুৱাহাটীত অনুষ্ঠিত হ’ব North-East Education Conclave

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.