ডিব্ৰুগড়, 18 ফেব্ৰুৱাৰী : বিগত চাৰিটা বছৰে ৰাজ্যত বিজেপিয়ে যিমান কাম কৰিলে, আগন্তুক এবছৰতে সেই কাম সম্পাদন কৰি সমাপ্ত কৰিব বিচাৰিছে নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল । ইয়াৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ গৃহ জিলাখনৰ পৰাই বিজেপিয়ে সংকল্প আৰু বিকাশ সমাৱেশ অনুষ্ঠিত কৰি ৰাইজক এবছৰৰ ভিতৰতে চাৰিবছৰৰ কাম কৰি দেখুৱাবলৈ আগবাঢ়িছে ৷
আগন্তুক 23 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ খনিকৰত অনুষ্ঠিত হ'ব বিজেপিৰ এই সমাৱেশ ৷ যাৰ বাবে আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় ভ্ৰমণ কৰে মন্ত্ৰী হিমন্তই ৷ ডিব্ৰুগড়়ত উপস্থিত হৈয়ে বিজেপিৰ কেবাগৰাকীও বিধায়ক আৰু শতাধিক দলীয় কৰ্মীৰ সৈতে স্থানীয় আৱৰ্ত ভৱনত আলোচনাত মিলিত হয় মন্ত্ৰী হিমন্ত ৷
আলোচনাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এই সমাৱেশক লৈ বহু আশাবাদী বুলি মন্ত্ৰী হিমন্তই উল্লেখ কৰে ৷ ইয়াৰ উপৰিও সমাৱেশত কিমান সংখ্যক ৰাইজ উপস্থিত থাকিব তাৰ সংখ্যা সাংবাদিকসকলক নিজেই গণনা কৰিবলৈ কয় হিমন্তই ৷