ETV Bharat / city

Municipality Election in Assam : ৰণ কৌশল তৈয়াৰ কৰিছে বিজেপি সংখ্যালঘু মৰ্চাই

author img

By

Published : Dec 23, 2021, 8:06 PM IST

পৌৰসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে বিজেপি সংখ্যালঘু মৰ্চাই(BJP Minority Front ready for Municipality election) ৷ ডিব্ৰুগড়ত বিজেপি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিবাহক সভা অনুষ্ঠিত কৰি সাজু হৈছে পৌৰসভা নিৰ্বাচনলৈ ৷

Municipality Election in Assam
Municipality Election in Assam

মৰাণ, 23 ডিচেম্বৰ : বিজেপি সংখ্যালঘু মৰ্চাই পৌৰসভা নিৰ্বাচনত(Municipality election in Assam) দেখুৱাব উন্নত ফলাফল। বিধানসভা নিৰ্বাচনত আশাব্যঞ্জক ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলেও সংখ্যালঘু অধ্যুষিত অঞ্চলত এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব বিজেপি সংখ্যালঘু মৰ্চা । ডিব্ৰুগড়ত আজি এই দাবী কৰিছে বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক নেতা তথা বিগত বিধানসভা নিৰ্বাচনৰ গোৱালপাৰা সমষ্টিৰ প্ৰাৰ্থী ওচমান গণিৰ ।

ডিব্ৰুগড় আমোলাপট্টি নাট্যমন্দিৰত অনুষ্ঠিত হোৱা বিজেপি সংখ্যালঘু মৰ্চাৰ ডিব্ৰুগড় জিলা কাৰ্যনিবাহক সভাত(BJP Minority Front executive meeting) বিজেপি নেতা গৰাকীয়ে কয়, সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিক ভোট নিদি অনুতপ্ত হৈছে ৰাইজ । এতিয়া ৰাইজে কেৱল উন্নয়ন বিচাৰিছে আৰু এই উন্নয়নৰ আশাৰে আগন্তক পৌৰসভা নিৰ্বাচনত ভোট দিব বিজেপিক । সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি আব্দুল ৰছিদ হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্য নিৰ্বাহকত দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ ওপৰত বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।

ৰণ কৌশল তৈয়াৰ কৰিছে বিজেপি সংখ্যালঘু মৰ্চাই

এই সভাত জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, সংখ্যালঘু মৰ্চাৰ বহু ৰাজ্যিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।

উল্লেখ্য য়ে, অচিৰেই অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভা সমূহৰ নিৰ্বাচন ৷ এই নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে (BJP ready for Municipality election) ৷ বিধানসভা নিৰ্বাচনত একেলগে যুঁজত নামিলেও পৌৰসভা নিৰ্বাচনত পৃথকে পৃথকে যুঁজ দিয়াৰ বাবে ঠিৰাং কৰিছে বিজেপি আৰু অগপই ৷ দেখা গৈছে যে, পঞ্চায়ত নিৰ্বাচনতো দুয়োটা দলে পৃথকে পৃথকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৷ এইবাৰো সেই একেদৰেই যুঁজ দিয়াৰ বাবে ৰণ কৌশল তৈয়াৰ কৰিছে দল দুটাই ৷

লগতে পঢ়ক : Municipal Election 2022 : কঁকালত টঙালি বান্ধি সাজু অগপ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.