ETV Bharat / city

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jul 31, 2021, 5:09 PM IST

অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে টিংখাঙত তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে আছুই ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

ASSU protest Agains Rice Price At Tingkhong, Dibrugarh District
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

টিংখাং, 31 জুলাই : ডিব্ৰুগড় জিলা (Dibrugarh District)ৰ টিংখাঙত শনিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা (All Assam Student Union) চমুকৈ আছুৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰ সন্থাৰ সদস্যসকল ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ কাম নাই, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । পেট্ৰ’ল-ডিজেলৰ লগতে সকলো অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক দাবী জনায় ৷ উল্লেখ্য যে, 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত সেই সময়ৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই মূল্যবৃদ্ধি, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইকে আদি কৰি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য হোৰাহোৰে বৃদ্ধি পাইছে ৷

লগতে পঢ়ক-অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

এই আকাশলংঘী মূল্যবৃদ্ধিত সাধাৰণ ৰাইজ জুৰুলা হৈ কৰিছে ৷ ইফালে লক ডাউনৰ বাবে কাম-কাজ হেৰুৱাই হাজাৰ হাজাৰ লোকে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব নিদিয়া বুলি প্ৰতিবাদকাৰীসকলে চৰকাৰক কটাক্ষ কৰে ৷

এই ভয়াৱহ পৰিস্থিতিৰ মাজতে মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ ৰাইজৰ জনজীৱন ৷ শীঘ্ৰে এই মূল্য হ্ৰাসৰ ব্যৱস্থা কৰিবলৈ কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ যদিহে চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস নকৰে, তেনেহ'লে অনাগত দিনত তীব্ৰ আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক - কলগাছিয়াত ধনৰ বিনিময়ত ফলাফল বিসংগতিৰ অভিযোগ পৰীক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.