ETV Bharat / city

বিশ্ববিদ্যালয়ক লক্ষ্য কৰি অশ্লীল মন্তব্য নকৰিবঃ আছু

author img

By

Published : Jul 5, 2020, 6:32 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক লক্ষ্য কৰি ছ'চিয়েল মিডিয়াত দিয়া পষ্টৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ ইতিমধ্যে উক্ত ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সদস্য় সকলে ৷

Assu Case File Against Social Media Post At Dibrugarh Police Station
বিশ্ববিদ্যালয়ক লক্ষ্য কৰি অশ্লীল মন্তব্য নকৰিবঃ আছু

ডিব্ৰুগড়, 5 জুলাইঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নিৰ্লজ কাণ্ডৰ পাছতে একাংশই ছচিয়েল মিডিয়াত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শৈক্ষিক পৰিবেশ আৰু বিশ্ববিদ্যালয় খনক লক্ষ্য কৰি একাংশই বহু অশ্লীল মন্তব্য কৰ ৷ ছ'চিয়েল মিডিয়াত বিশ্ববিদ্যালয় খনক লক্ষ্য কৰি দিয়া মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নিলৰ্জ কাণ্ডটো ইতিমধ্যে বিভিন্ন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ ঠিক একেদৰে একাংশই ছচিয়েল মিডিয়াত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শৈক্ষিক পৰিবেশ আৰু বিশ্ববিদ্যালয় খনকেই লক্ষ্য কৰি বিভিন্ন অশ্লীল মন্তব্য উপস্থাপনক কৰাৰ লগতে মিমি নিৰ্মাণ কৰি জন মানসত হেয় প্ৰতিপন্ন কৰা দেখা গৈছে ৷ উক্ত ঘটনাটোৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ।

ইতিমধ্যে দেওবাৰে, ডিব্ৰুগড় বিশ্ববিদ্যালয় খনক লৈ অশ্লীল মন্তব্য কৰা লোক সকলৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত এটা গোচৰ তৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটে । বিশ্ববিদ্যালয়ৰ আছুৰ গোটৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকৰ সদস্য উদ্দীপজ্যোতি গগৈয়ে কয় যে, অধ্যাপকৰ ঘটনাক লৈ বিভিন্ন ছ'চিয়েল মিডিয়াত বিশ্ববিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলক তৰল মন্তব্য প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ সন্মানত আঘাত হানিছে । যাৰ বাবে উক্ত ব্যক্তি সকলক আইনগত ভাৱে এক উচিত প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ৰ সদৰ থানাত এখন এজেহাৰ দাখিল কৰিছে।

জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে দাখিল কৰা এজাহাৰত বিশেষকৈ AssaMeme,অতপালি ৰোধ, Baba T Sada Besi hol Bey, The Axomia Guys নামৰ পেইজ কেইখনৰ লগতে শ্বহীদ হুছেইন, Sekhar Gogoi, Barood Kumar, নষ্ট পখী, Shantanu Kaushik, BiBhuti Dutta, Deb Jit Baruah আদি নাম সমূহ উল্লেখ কৰি এই সকলে ঘটনাটোৰ অচিলা লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ হননৰ দৰে নিকৃষ্ট পোষ্ট দিয়া বুলি উল্লেখ কৰিছে । লগতে একাংশই বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ ছাত্ৰীৰ চৰিত্ৰৰ ওপৰত লক্ষ্য কৰি বহু অশ্লীল পোষ্ট দিছে ।

লগতে পঢ়ক- বিধায়কৰ বাসগৃহ ঘেৰাও কৰিলে প্ৰতিবাদকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.