ETV Bharat / city

গণৰাজ্য দিৱস :মুখ্যমন্ত্ৰীৰ গৃহ জিলাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী - মুখ্যমন্ত্ৰী

গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্তত মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷ কোনো কাৰণতে যাতে জিলা খনত দুস্কৃতিকাৰীয়ে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷

Police Checking at Dibrugarh Main Road_
মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী
author img

By

Published : Jan 25, 2021, 10:42 PM IST

মৰাণ, 25 জানুৱাৰী : মঙলবাৰে 72 সংখ্যক গণৰাজ্য দিৱস ৷ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ ইফালে গণৰাজ্য দিৱসত যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, তাৰ বাবে দিনে নিশাই পহৰাত ব্যস্ত হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷

মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী

সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো দেখা পোৱা গ'ল একেই দৃশ্য ৷ পুৱাৰে পৰা জিলা খনৰ বিভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখা যায় । ৰাজ্যত শান্তি শৃংখলা বজাই ৰাখি যাতে গণৰাজ্য দিৱস পালন কৰিব পাৰি, তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ডিব্ৰুগড় আৰক্ষী প্ৰশাসনে ।

ইফালে দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ কুটাঘাটৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড় চহৰৰ বিভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা প্ৰত্যেকখন বাহন তন্ন-তন্নকৈ তালাচি চলোৱাৰ উপৰিও প্ৰত্যেক জন ব্যক্তিয়ে লগত অনা বেগ, গাড়ীৰ নথি-পত্ৰ সমূহ পৰীক্ষা কৰিছে।

লগতে পঢ়ক-ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে শিক্ষক সমাজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.