ETV Bharat / city

সুস্থ হৈও মৃত্যুক সাৱটিলে সুৰজ গগৈয়ে; বিফল হ’ল চিকিৎসকৰ চেষ্টা - অসম চিকিৎসা মহাবিদ্যালয়

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা সুৰজ গগৈয়ে বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে (Police encounter victim died)। যোৱা ৪ মাৰ্চত আলফাৰ লিংকমেনৰ সন্দেহত আটক কৰা শিৱসাগৰ বেতবাৰীৰ সুৰজ গগৈক এনকাউন্টাৰ কৰিছিল সোণাৰি আৰক্ষীয়ে (Police shot suspected ulfa i linkman)।

AMCH Superintendent
সুস্থ হৈও মৃত্যুক সাৱটিলে সুৰজ গগৈয়ে
author img

By

Published : Apr 7, 2022, 11:08 AM IST

মৰাণ, 7 এপ্ৰিল: অৱশেষত মৃত্যুক আঁকোৱালি ল'লে আৰক্ষীৰ এনকাউন্টাৰত আহত সুৰজ গগৈ নামৰ যুৱকজনে (Police encounter victim died)। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা সুৰজ গগৈয়ে বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । যোৱা ৪ মাৰ্চত আলফাৰ লিংকমেনৰ সন্দেহত আটক কৰা শিৱসাগৰ বেতবাৰীৰ সুৰজ গগৈক এনকাউন্টাৰ কৰিছিল সোণাৰি আৰক্ষীয়ে (Police shot suspected ulfa i linkman)।

শিৱসাগৰ জিলাৰ বেতবাৰীৰ সুৰজ গগৈ বাওঁ ভৰিত গুলীবিদ্ধ হৈ এমাহ ধৰি চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত । ইফালে যুৱকজনৰ অস্ত্ৰোপচাৰো সফলতাৰে সম্পন্ন কৰা হৈছিল । ক্ৰমাৎ সুস্থ হৈ আহিছিল যুৱকজন । কিন্তু বুধবাৰে নিশা হঠাৎ প্ৰচণ্ড পেট, মূৰৰ বিষ,জ্বৰ হোৱাত প্ৰয়োজনীয় ঔষধো প্ৰদান কৰা হৈছিল ।

ইয়াৰ পিছতে অৱশ হৈ পৰে আৰু পিছতে মৃত্যুক আঁকোৱালি লয় যুৱকজনে । এই সংক্ৰান্তত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই মন্তব্য প্ৰদান কৰিছে । যুৱকজনৰ চিকিৎসা সন্দৰ্ভত বিস্তৃতভাৱে সংবাদ মাধ্যমক জনালে ডাঃ দিহিঙীয়াই ৷

সুস্থ হৈও মৃত্যুক সাৱটিলে সুৰজ গগৈয়ে

ইফালে সুৰজ গগৈৰ মৃত্যুৰ পিছতে এক বিবৃতিৰ জৰিয়তে আলফা স্বাধীনে স্পষ্ট কৰিছে যে আলফাৰ সৈতে সম্পৰ্ক নাছিল সুৰজ গগৈৰ (ULFA I reacts on death of Suraj Gogoi)। মঙলবাৰে আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ হৈ কেপ্তেইন ৰুমেল অসমে এক বিবৃতি প্ৰকাশ কৰে । তেওঁৰ অকাল মৃত্যুত আলফা স্বাধীনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

ইফালে সুৰজ গগৈ আলফাৰ সৈতে জড়িত নাছিল যদিও তেওঁক সংগঠনটোৱে ‘অমৰ মৃতক’ ঘোষণা কৰিছে । ইয়াৰ উপৰি সুৰজ গগৈক অমানৱীয় অত্যাচাৰেৰে হত্যা কৰা কাৰ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে হৈছিল নে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ নিৰ্দেশ মৰ্মে হৈছিল সেই বিষয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক অসমৰ ৰাইজৰ আগত স্পষ্ট কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ।

লগতে পঢ়ক: Death of Encounter victim: আলফা(স্বা)ৰে সম্পৰ্ক নাছিল এনকাউণ্টাৰত নিহত সুৰজ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.