ETV Bharat / city

মৰাণত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : Aug 23, 2021, 12:09 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ৫৫৪ কোটি ১ লাখ ৭২ হাজাৰ কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰকৃত কৃষকৰ পৰিৱৰ্তে একাংশ অন্য একাংশ লোকৰ নাম কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন ।

corruption-in-pm-kissan-scheme
মৰাণত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৃষকৰ

মৰাণ, 23 আগষ্ট : প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত সংঘটিত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কলখোৱা গাঁও পঞ্চায়ততো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । প্ৰকৃত কৃষকৰ পৰিৱৰ্তে খেতিপথাৰত ভৰি দি নোপোৱা একাংশ লোকৰ নাম কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।

গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু গাঁওবুঢ়াৰ ছত্ৰছায়াতে এই বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৃষকসকলৰ । কৃষি বিভাগে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিছিল ৷ কিন্তু সেই নিৰ্দেশে এতিয়াও প্ৰকৃত কৃষকসকলক সকাহ দিব পৰা নাই ।

চৰকাৰে আঁচনিত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত ঘোষণা কৰাৰ সময়তে পোহৰলৈ আহিছে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য । ডিব্ৰুগড়ৰ লেজাই-কলাখোৱা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত হোৱা কেলেংকাৰীক লৈ সৰৱ হৈ পৰিছে কৃষকসকল ।

বান বিধ্বস্ত লেজাই-কলাখোৱাৰ দীঘলীয়া গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এই সন্দৰ্ভত দেওবাৰে এখন ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ‌। স্থানীয় সমাজকৰ্মী ৰূপনাথ মিলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত স্থানীয় ৰাইজ আৰু কৃষকসকলে জিলা প্ৰশাসনক এই কেলেংকাৰীৰ উচিত তদন্ত কৰি দোষী ব্যক্তিক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় ।

অঞ্চলটোৰ কৃষকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি, অঞ্চলটোৰ প্ৰায় ৩০ খন গাঁৱৰ ৩০ শতাংশ প্ৰকৃত কৃষক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । কেৱল সেয়াই নহয় পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত থকা লোকৰ নামতো ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইসকল লোকে ।

লগতে পঢ়ক : ভুৱা কৃষকৰ নামত শ শ কোটি টকা আত্মসাৎ কৰা ঘটনাকলৈ সৰৱ অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.